ভাৰত-অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলাৰ বিজয় মুকুট অষ্ট্ৰেলিয়াৰ শিৰত, ৫ম খেলতো পৰাজিত ভাৰত

ভাৰত-অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলাৰ বিজয় মুকুট অষ্ট্ৰেলিয়াৰ শিৰত, ৫ম খেলতো পৰাজিত ভাৰত

ডিজিটেল ডেস্কঃ ভাৰত-অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলাত আশা ভংগ হ'ল ভাৰতৰ! বুধবাৰে দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত অনুষ্ঠিত এদিনীয়া শৃংখলাৰ ৫ম খন খেলত ভাৰতে ৩৫ ৰানৰ ব্যৱধানত অষ্ট্ৰেলিয়া বাহিনীৰ হাতত পৰাজিত হয়। ইয়াৰ লগে লগে এদিনীয়া শৃংখলাখন বিজয়ী খিতাপ অষ্ট্ৰেলিয়াই দখল কৰিবলৈ সক্ষম হয়। দল দুটাৰ প্রথম ৪খন খেলত ২-২ জয়ৰে সমানতা অৰ্জন কৰিছিল।

বুধবাৰৰ খেলখনত প্রথমে বেটিং কৰি অষ্ট্ৰেলিয়াই উচমান খাজাৰ শতকৰ সহযোগত নিৰ্ধাৰিত ৫০ অভাৰত ৯ উইকেটৰ বিনিময়ত ২৭২ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভাৰতে এই লক্ষ্যৰ পিছা কৰি নিৰ্ধাৰিত অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৩৭ ৰান হে সংগ্ৰহ কৰে। ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে ৰোহিত শৰ্মাই। ৮৯টা বলত ৪ টা বাউণ্ডাৰীৰে ৫৬ ৰান কৰে ৰোহিতে।

কিন্তু ৰোহিত শৰ্মাৰ উইকেট হেৰুওৱাৰ পিছতে যেন জয়ৰ লক্ষ্য স্তিমিত হৈ পৰে ভাৰতীয় দলটোৰ। এটাৰ পিছত এটাকৈ উইকেট হেৰুৱায় ভাৰতে। ভুৱনেশ্বৰ কুমাৰে কিছু সময়ৰ বাবে ভাৰতীয় দলটোৰ বিজয় আশা পুনৰুজ্জীৱিত কৰিবলৈ সক্ষম হ'লেও সেয়া ক্ষন্তেকিয়াহে আছিল। ৫৪ টা বলত ২টা ৬ আৰু ৩ টা ৪ৰে ৪৬ ৰান কৰি পেভিলিয়নলৈ উভতে ভূৱনেশ্বৰ কুমাৰ। ভাৰতৰ হৈ কেদাৰ যাদৱে কৰে ৪৬ ৰান।

আজিৰ খেলখনত ভাৰতৰ হৈ ৩টা উইকেট দখল কৰে ভুৱনেশ্বৰ কুমাৰে। প্ৰথমাৱস্থাৰ পৰাই অষ্ট্ৰেলিয়ান দলটোক ভাৰতীয় বলাৰে তীব্ৰ চাপৰ মাজত ৰাখিবলৈ হয় যদিও উচমান খাজাৰ দুৰ্দান্ত শতক আৰু হেণ্ডছকম্বৰ অৰ্ধশতকে অষ্ট্ৰিলেয়া দলটোক এক নিশ্চিত স্ক'ৰ প্ৰদান কৰে। কিন্তু তাৰ বিপৰীতে একেৰাহে দ্বিতীয়বাৰৰ বাবে ব্যৰ্থ হ'ল বিৰাট কোহলি। আজিৰ খেলখনত বিৰাটে সংগ্ৰহ কৰে ২০ ৰান। ফ'ৰ্মত দেখা নগ'ল শিখৰ ধাৱানকো। শৃংখলাৰ ৪তুৰ্থ খেল খেলত দুৰ্দান্ত শতক অৰ্জন কৰা শিখৰ ধাৱানে আজি মাত্ৰ ১২ ৰান কৰিয়েই পেভিলিয়নলৈ উভতে। খেলত মহেন্দ্ৰ সিং ধোনীৰ ঠাইত স্থান লাভ কৰা ৰিষভ পন্ট (১৬) আৰু বিজয় শংকৰ (১৬) সোনকালে আউট অৱশেষত ভাৰতীয় দলটোলৈ বিপৰ্যয় নামি আহে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in