খেলুৱৈৰ ব্যৰ্থতাৰ পৰিণতি! দ্বিতীয় এদিনীয়াতো নিউজিলেণ্ডৰ হাতত পৰাস্ত ভাৰত…

খেলুৱৈৰ ব্যৰ্থতাৰ পৰিণতি! দ্বিতীয় এদিনীয়াতো নিউজিলেণ্ডৰ হাতত পৰাস্ত ভাৰত…

ডিজিটেল ডেস্কঃ ধাৰাবাহিকভাৱে নিউজিলেণ্ডৰ হাতত দ্বিতীয় এদিনীয়া আন্তৰাষ্ট্ৰীয়তো পৰাস্ত ভাৰত। শনিবাৰে অকলেণ্ডৰ ইডেন পাৰ্কত অনুষ্ঠিত ভাৰত-নিউজিলেণ্ডৰ এদিনীয়া শৃংখলাৰ দ্বিতীয় খেলখনত ভাৰতক হৰুৱাই ২২ ৰানত জয়লাভ কৰে কিৱি বাহনীয়ে। খেলখনত টছত জিকি নিউজিলেণ্ডক বেট ধৰিবলৈ আমন্ত্ৰণ জনাইছিল কোহলী বাহিনীয়ে।

নিৰ্ধাৰিত অভাৰত নিউজিলেণ্ডে ৮ উইকেট হেৰুৱাই ২৭৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। নিউজিলেণ্ডৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে মাৰ্টিন গুপ্টিলে। অপেনাৰ বেটছমেন গৰাকীয়ে ৭৯ টা বলত ৭৯ ৰান সংগ্ৰহ কৰে। ইফালে ৰছ টেইলৰেই খেলৰ শেষলৈকে অপৰাজিত হৈ থাকি সংগ্ৰহ কৰে ৭৩ ৰান। ভাৰতৰ হৈ য়ুজবেন্দ্ৰ চহলে ৩ টা উইকেট দখল কৰাৰ বিপৰীতে শ্বাৰাদুল ঠাকুৰে ২টা আৰু ৰবীন্দ্ৰ জাডেজাই ১টা উইকেট লাভ কৰে।

কিৱি বাহিনীয়ে বান্ধি দিয়া ২৭৪ ৰানৰ লক্ষ্য সন্মুখত ৰাখি ক্ৰিজত নমা ভাৰতীয় দলটোত আজি নাছিল ৰোহিত শৰ্মা আৰু শিখৰ ধাৱানৰ দৰে খেলুৱৈ। ৰোহিত আৰু শিখৰৰ ঠাই পুৰণ কৰি অপেনিং কৰা পৃথ্বী শ্ব' আৰু মায়াংক আগৰৱালে খেলখনত আশানুৰূপ প্ৰদৰ্শন কৰিবলৈ সক্ষম নহ'ল। প্ৰথম ৫ অভাৰতে ভাৰতে হেৰুৱায় অপেনাৰ দুয়োজনৰ উইকেট। মায়াংক আগৰৱালে ৩ ৰান কৰিয়েই পেভিলিয়নমুখী হোৱাৰ বিপৰীতে পৃথ্ৱী শ্ব'হে ২৪ ৰানৰ ব্যক্তিগত স্ক'ৰত জেমিছনৰ বলত উইকেট হেৰুৱায়।

তাৰ পিছতে ক্ৰিজত নমা অধিনায়ক বিৰাট কোহলীও আজিৰ খেলখনত ব্যৰ্থ হয়। মাত্ৰ ১৫ ৰানৰ ব্যক্তিগত স্ক'ৰতে কোহলীয়ে বিদায় ল'বলগা হয়। শ্ৰেয়াছ আয়াৰে দলটোক গতি প্ৰদানৰ চেষ্টা অব্যাহত ৰাখিলেও লোকেশ ৰাহুল, কেদাৰ যাদৱৰ বিফল প্ৰদৰ্শনে ভাৰতীয় দলটোৰ মনোবল অধিক দুৰ্বল কৰি তোলা পৰিলক্ষিত হয়। অৱশ্যে ৰবীন্দ্ৰ জাডেজাই ক্ৰিজত নামি দলটোৰ বাবে অলপ হ'লেও আশাৰ ৰেঙনি উজ্বলাই তুলিবলৈ সক্ষম হয়। কিন্তু শ্ৰেয়ছ আয়াৰে ৫২ ৰানৰ ব্যক্তিগত স্ক'ৰত আউট হৈ ক্ৰিজ এৰাত পুনৰ ক্ষীণ হৈ পৰে দলটোৰ স্থিতি।

নিছামৰ এটা নিখুট বলত গ্ৰেণ্ডদমৰ হাতত কেচ তুলি দি ৰবীন্দ্ৰ জাডেজা পেভিলিয়নমুখী হোৱাৰ পিছত যুৱ খেলুৱৈ নৱদ্বীপ চাইনীয়ে খেলখন ধৰি ৰখাৰ চেষ্টা চলায় যদিও খেলুৱৈগৰাকীক সংগ দিবলৈ সেই সময়ত ভাৰতৰ ওচৰত নাছিল কোনো নিৰ্ভৰযোগ্য বেটছমেন। ৰবীন্দ্ৰ জাডেজাই আজিৰ খেলখনত ৫৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে নৱদ্বীপ চাইনীয়ে ৪৫ ৰান কৰে। শ্বাৰাদুল ঠাকুৰ আৰু যুজবেন্দ্ৰ চহলে ক্ৰমে ১৮ আৰু ১০ ৰান কৰি আউট হয়।

ভাৰতীয় ক্ৰিকেট দলটোৰ খেলুৱৈসকলৰ ব্যৰ্থ প্ৰদৰ্শনৰ বাবে আজিৰ খেলখনত ৪৮.৩ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই খেল সামৰিব লগা হয় কোহলী বাহিনীয়ে। খেলখনত কিৱি বাহনীৰ হৈ হামিছ বেন্নেট, টিম চাউথী, কাইল জেমিছন আৰু ডে গ্ৰেণ্ডদমে ২টাকৈ উইকেট লাভ কৰাৰ বিপৰীতে নিছামে লাভ কৰে এটা উইকেট।

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ প্ৰথমখন খেলতো নিউজিলেণ্ডৰ হাতত পৰাজিত হৈছিল ভাৰত। যাৰ ফলত এতিয়া ২-০ ব্যৱধানত ভাৰতৰ বিৰুদ্ধে অগ্ৰগতি লাভ কৰি আছে নিউজিলেণ্ড। ইয়াৰ পূৰ্বে ভাৰত-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় টি২০ শৃংখলাত ৫-০ৰ অগ্ৰগতিৰে ঐতিহাসিক জয়লাভ কৰিবলৈ সক্ষম হোৱা ভাৰতে এদিনীয়া শৃংখলাৰ প্ৰথম দুখন খেলত এনেদৰে পৰাজিত হোৱাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। অৱশ্যে এই পৰাজয়ৰ কাৰণ হিচাপে ৰোহিত শৰ্মা আৰু শিখৰ ধাৱানে আঘাতৰ বাবে খেলৰ পৰা অব্যাহতি লোৱাটোৱে বুলি মন্তব্য কৰিছে বিভিন্নজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in