১৫ ডিচেম্বৰত গুৱাহাটী অথবা ভুৱনেশ্বৰলৈ নাহে জাপানী প্ৰধানমন্ত্ৰী চিনজ’ আবে…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ ১৫ ডিচেম্বৰ তাৰিখে অসম ভ্ৰমণলৈ অহাৰ কথা আছিল জাপানৰ প্ৰধানমন্ত্ৰী চিনজ' আবে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। 'ইণ্ডিয়া- জাপান চামিট' শীৰ্ষক এক কাৰ্যসূচীত ভাগ লোৱাৰ কথা আছিল দুই প্ৰধানমন্ত্ৰীৰ। বৈদেশিক বিনিয়োগ আৰু বাণিজ্যৰ ক্ষেত্ৰত অতিকে গুৰুত্বপূৰ্ণৰূপে বিবেচিত হোৱা এই অনুষ্ঠানত ভাগ ল'বলৈ উক্ত তাৰিখত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী ভাৰতলৈ নাহে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কক প্ৰৱল গণ প্ৰতিবাদক আওকাণ কৰিও আইনত পৰিণত কৰাৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা প্ৰতিক্ৰিয়া হিচাপে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ মূল ভূখণ্ডৰ বিভিন্ন প্ৰান্ততো সৃষ্টি হোৱা হোৱা তীব্ৰ প্ৰতিক্ৰিয়া আৰু উত্তপ্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক সেই দেশৰ বৈদেশিক পৰিক্ৰমা, গৃহ আৰু প্ৰতিৰক্ষা দপ্তৰৰ পৰা বাৰন কৰাৰ পৰিপ্ৰেক্ষিততে এনে সিদ্ধান্ত লোৱা বুলি খবৰ প্ৰকাশ পাইছে। ফলত বিগত ১৫ টা দিনত বহু কোটি টকা খৰচ কৰি ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰৰ ভৰলুমুখ, কাছাৰী, ফাঁচী বজাৰ, উত্তৰ গুৱাহাটী, বৰঝাৰৰ পৰা জালুকবাৰী হৈ মালিগাঁৱৰ লৈকে এই সমগ্ৰ এলেকাটো ব্ৰক্ষ্মপুত্ৰৰ এই অঞ্চল আৰু তাৰ দুুয়োপাৰ চাফ-চিকুণ কৰি বিভিন্ন পৰিকল্পনাৰে সজাই পৰাই তোলাৰ বাবে দিনে-ৰাতিয়ে কাম কৰিছিল যদিও অৱশেষত এই সমস্ত ব্যয় আৰু পৰিশ্ৰম তথা পৰিকল্পনা একপ্ৰকাৰৰ লুইতৰ সোঁতত উটি যায়।

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাবাহুৰ বুকুত নৌকা বিহাৰ কৰাৰ লগতে নতুনকৈ সজাই-পৰাই তোলা কাছাৰী ঘাট অঞ্চলৰ পুৰণা উপায়ুক্তৰ কাৰ্যালয়টোত বহু গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱাৰ কথা আছিল। বিশেষকৈ দক্ষিণ-পূব এচিয়াৰ অঞ্চলটোৰ বজাৰ আৰু প্ৰতিৰক্ষাৰ দিশত চুবুৰীয়া চীনে এই অঞ্চলত বৰ্তাই ৰখা কৰ্তৃত্বৰ বিপৰীতে দ্বিতীয় মহাসমৰতে উত্তৰ-পূৰ্বাঞ্চলত খোপনি পুতি চীনৰ অগ্ৰাসনক প্ৰতিৰোধৰ বাবে বৃহৎ সংখ্যক জাপানী সৈন্যই যুঁজ দিয়া দক্ষিণ-পূব এচিয়াৰ এলেকাত জাপানৰ সহায়তাত ভাৰতীয় কৰ্তৃত্ব সবল কৰাৰ দিশতো আছিল বহু পৰিকল্পনা।

একেদৰে এই অঞ্চলৰ দ্ৰুত বিকাশৰ বাবে বিত্তীয় সহায় আৰু বাণিজ্যিক বিনিয়োগৰ বাবে শক্তিশালী জাপান চৰকাৰক সৈমান কৰোৱাটোও আছিল এই ভ্ৰমণৰ আন এক গুৰুত্বপূৰ্ণ উদ্দেশ্য। অসমৰ গুৱাহাটীতে প্ৰস্তাৱিত চামিটখন অনুষ্ঠিত হ'লেও ই অসমৰ বিকাশত বিশেষভাৱে কি সহায় কৰিলেহেতেন সেইয়া নিশ্চিত নাছিল যদিও প্ৰথমবাৰৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ এই অঞ্চলত উপস্থিতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাৰ জৰিয়তে সমগ্ৰ দক্ষিণ-পূব এচিয়াৰ বিভিন্ন দিশ সামৰি লোৱা হৈছিল।

সেয়ে, জাপানী প্ৰধানমন্ত্ৰীগৰাকীক গুৱাহাটীলৈ নাহিলেও ভুৱনেশ্বৰলৈ অহাৰ বাবে সৈমান কৰাবলৈকো ভাৰতৰ তৰফৰ পৰা তলে তলে চেষ্টা কৰা হৈছিল। ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে একো কথা প্ৰকাশ নকৰাকৈয়ে এই প্ৰচেষ্টা চলাইছিল। কিন্তু জাপানৰ প্ৰধানমন্ত্ৰী চিনজ' আবেৰ প্ৰস্তাৱিত ভ্ৰমণৰ পূৰ্বে ভাৰত ভ্ৰমণৰত বিভিন্ন কূটনৈতিক বিশেষজ্ঞৰ পৰামৰ্শত প্ৰধানমন্ত্ৰীগৰাকীয়ে সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতলৈ অহাৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত কৰে। ফলত অসমত চলোৱা সমগ্ৰ প্ৰস্তুতি বিফল হোৱাৰ লগতে ভুৱনেশ্বৰলৈও আহিবলৈ অমান্তি হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰচুৰ সম্ভাৱনাৰ দুৱাৰ খোল খাব লগা 'ইণ্ডিয়া-জাপান চামিট'ৰ পৰিকল্পনা কিছুদিনলৈ পুনৰ পিছুৱাই গ'ল। অৱশ্যে চৰকাৰীভাৱে এই সন্দৰ্ভত বৰ্তমানৰলৈকে কোনো কথাই প্ৰকাশ কৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in