শেহতীয়া খবৰ
কৃষ্ণাই প্ৰেছ ক্লাবৰ মনোজ্ঞ অনুষ্ঠান, শৰতৰ জোনাকত এখন্তেক  •  ৰাজনীতি ত্যাগ কৰিব ৰাজ্যৰ এগৰাকী কংগ্ৰেছ বিধায়কে! VIDEO  •  ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...

ভাৰতৰো থাকিব নিজৰ স্পেচ ষ্টেচনঃ ইছৰ’

195

ডিজিটেল ডেস্কঃ ভাৰতৰ মহাকাশ গৱেষণ সংস্থা ইছৰ’ৰ থাকিব নিজৰ স্পেচ ষ্টেচন। ইছৰ’ৰ এগৰাকী উচ্চপদস্থ বিষয়া জনায় এই কথা। বিষয়াগৰাকীয়ে জনোৱা মতে, ভাৰতে নিজৰ স্পেচ ষ্টেচন নিৰ্মাণৰ যো-জাঁ চলাই আছে। এই প্ৰজেক্টটো ইছৰ’ৰ গুৰুত্বপূৰ্ণ মিছন ‘গগনযান’ৰে অন্তৰ্গত।

বিষয়াগৰাকীয়ে লগতে কয় যে- আমি মহাকাশ যানত মানুহ কঢ়িয়াই নিয়াৰ লগতে আই মিছনৰ বাবেও কাম চলাই থাকিব লাগিব। আৰু এনেকৈ কামত লাগিলেহে আমি স্পেচ ষ্টেচন নিৰ্মাণ কৰিব পাৰিম।

উল্লেখ্য যে, ইছৰ’ৰ বিষয়াগৰাকীয়ে ইয়াৰ পূৰ্বে কৈছিল যে- ২০২১চনৰ ডিচেম্বৰলৈ মহাকাশ যানেৰে মানুহ কঢ়িয়াই নিয়াটো আমাৰ লক্ষ্য। তেওঁ লগতে কৈছিল- ’গগনযান’ মিছনৰ জৰিয়তেহে এয়া সম্ভৱপৰ কৰিব পাৰিম। যদি আমি নিৰ্ধাৰিত সময়ৰ ভিতৰতে এই কাম কৰিব পাৰো, তেন্তে আমি সমগ্ৰ বিশ্বৰ ভিতৰতে চতুৰ্থখন এনে দেশ হ’ম যিখন দেখে নিজৰ তথ্য-প্ৰযুক্তিৰ দ্বাৰাই মহাকাশলৈ মানুহ পঠিয়াম।‘

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি