কোহলিৰ শতকেৰে তৃতীয় টেষ্টত জয়ৰ দিশে টীম ইণ্ডিয়া

কোহলিৰ শতকেৰে তৃতীয় টেষ্টত জয়ৰ দিশে টীম ইণ্ডিয়া

ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাত অধিনায়ক বিৰাট কোহলিৰ দ্বিতীয়টো শতকৰে তৃতীয়খন টেষ্টৰ তৃতীয় দিনা শক্তিশালী স্থিতিত উপনীত হৈছে টীম ইণ্ডিয়া।

দলটোৱে ১১০ অবাৰত ৭ উইকেট হেৰুৱাই ৩৫২ ৰান সংগ্ৰহ কৰা অৱস্থাত নিজৰ দ্বিতীয় ইনিংছ ঘোষণা কৰি ইংলেণ্ডক জয়ৰ বাবে ৫২১ ৰানৰ বৃহত লক্ষ্য বান্ধি দিছে।

দ্বিতীয় ইনিংছত কোহলিয়ে ১০৩ ৰানৰ বৰঙণি আগবঢ়োৱাৰ লগতে শ্বেতেশ্বৰ পূজাৰাই ৭২ আৰু হাৰ্দিক পাণ্ডিয়াই ৫২ ৰান স্ক'ৰ কৰে। ইয়াৰ পূৰ্বে বেটিঙৰ আমন্ত্ৰণ লাভ কৰা আলহী দলটোৱে প্ৰথম ইনিংছত সংগ্ৰহ কৰিছিল ৩২৯ ৰান।

আনহাতে, নিজৰ প্ৰথম ইনিংছ আৰম্ভ কৰি ভাৰতীয় বলাৰৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি মাত্ৰ ১৬১ ৰানতে আটাইকেইটা উইকেট হেৰুৱাইছিল ইংলেণ্ডে। দিনান্তত ঘৰুৱা দলটোৱে পৰ্বতসম লক্ষ্য অতিক্ৰম কৰি ৯ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ ২৩ ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in