শেহতীয়া খবৰ
ডিমাপুৰত গুলিয়াই হত্যা কৰা ধেমাজিৰ যুৱক জিতেন গগৈৰ সৎকাৰ কৰিলে পৰিয়ালে...  •  চাকৰিৰ কেলংকাৰী ! আছুই জ্বলালে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি...  •  চাকৰিত কেলেংকাৰী ! ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জ্বলিছে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি..  •  পঞ্জাৱত ৰে’ল পথত কৃষকৰ ধৰ্ণা, বাতিল ১৪খন ৰেল যাত্ৰা...  •  আইচিইউত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...  •  নাৰায়ণপুৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ…  •  যিকোনো সময়তে হ'ব পাৰে দিল্লী-এনএছচিএন চুক্তি...  •  জিএমচিএইচৰ কেবিনৰ পৰা কোভিড হাস্পতাললৈ নিয়া হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক...  •  ২৫ ছেপ্টেম্বৰঃ এফালে কৃষক বিদ্ৰোহ, আনফালে দীপিকাক জেৰাৰ বাবে চমন...  •  ওৰাঙত আন্তৰাষ্ট্ৰীয় গাড়ী চোৰ আটক,উদ্ধাৰ বাহন...

‘ইণ্ডিয়া আইকনিক পাৰ্ছনেলিটি ২০১৯’ শীৰ্ষক শ্ৰেষ্ঠত্বৰ সন্মান গাৰ্গী পৰাশৰলৈ, বিদেশলৈ আমন্ত্ৰিত নলবাৰীৰ কন্যা

165

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰীৰ গাৰ্গী পৰাশৰে কঢ়িয়াই আনিছে আন্তঃৰাষ্ট্ৰীয় খিতাপ। ফেশ্বন ডিজাইনাৰ গাৰ্গী পৰাশৰে লাভ কৰিছে ইণ্ডিয়ান আইকনিক পাৰ্ছনেলিটি, ২০১৯ শীৰ্ষক এই শ্ৰেষ্ঠত্বৰ বঁটা। উল্লেখযোগ্য যে, উত্তৰ প্ৰদেশৰ আহমেদাবাদত যোৱা ২৩ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল এই ইণ্ডিয়ান আইকনিক পাৰ্ছনেলিটি শীৰ্ষক প্ৰতিযোগিতা। দেওবাৰে সন্ধিয়া নলবাৰী জিলা প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰি কৰে গাৰ্গী আৰু তেওঁৰ পিতৃ মাতৃয়ে।

এই প্ৰতিযোগিতাত দেশৰ মুঠ ৩৫ খন ৰাজ্যৰ প্ৰতিনিধিয়ে অংশ লৈছিল। নলবাৰীৰ গোপাল বজাৰৰ ফেশ্বন ডিজাইনাৰ গাৰ্গী পৰাশৰে এই প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰি নলবাৰীৰ লগতে সমগ্ৰ অসমলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হয়। নলবাৰীৰ মুকুল শৰ্মা আৰু মিতালি দত্ত শৰ্মাৰ কন্যা গাৰ্গী পৰাশৰ গুৱাহাটী আৰ্য বিদ্যাপীঠৰ ছাত্ৰী।

ভাৰতবৰ্ষৰ এগৰাকী প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সিদ্ধাৰ্থ বৰ্মনৰ তত্বাৱধানত মডেলিং জগতত প্ৰৱেশ কৰা গাৰ্গী পৰাশৰে ইতিমধ্যে থাইলেণ্ডলৈ আমন্ত্ৰিত হৈছে। কেইবাখনো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত ফেশ্বন শ্ব’ৰ বিচাৰক হিচাপে আমন্ত্ৰিত হোৱা গাৰ্গী পৰাশৰ এগৰাকী সুদক্ষ কথক শিল্পী হিচাপেও পৰিচিত হোৱাৰ লগতে কথক নৃত্যত স্নাতক ডিগ্ৰী লাভ কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি