হয়, আমি হৰাৰে লায়ক আছিলোঃ কোহলি

হয়, আমি হৰাৰে লায়ক আছিলোঃ কোহলি

ডিজিটেল ডেস্কঃ লৰ্ডছৰ টেষ্টত ইংলেণ্ডৰ হাতত আত্মসমৰ্পণ কৰিলে টীম ইণ্ডিয়াই। ইংলেণ্ড ভ্ৰমণলৈ যোৱা ভাৰতীয় দলৰ এনে শোচনীয় পৰাজয়ৰ পাছত টীম ইণ্ডিয়াক লৈ চৌদিশে সমালোচনাৰ জোৱাৰ।

এক ইনিংছত ১৫৯ৰানত পৰাস্ত হোৱা ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলিৰ হাতত সমালোচনাৰ উত্তৰ দিবলৈ কোনো ভাষা নাই। স্বীকাৰ কৰি লৈছে টেষ্ট ৰেংকিঙত ১ নম্বৰ স্থান অধিকাৰ কৰা টীমটোৰ অধিনায়কে এই পৰাজয়।

নিজেও বেটিঙৰ ৰেংকিঙত প্ৰথম স্থানত থকা কোহলিয়ে সপোনতো হয়টো ভবা নাছিল ইংলেণ্ডত তেওঁলোকৰ বাবে এনে দুৰ্ভাগ্যই অপেক্ষা কৰি আছিল। দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত ১০৭ ৰান আৰু দ্বিতীয় ইনিংছত মাত্ৰ ১৩০ৰান কৰি অল আউট হোৱা কোহলিয়েও ইংলেণ্ডৰ মাটিত ৰানৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছিল।

বিশ্বজুৰি শক্তিশালী বুলি চৰ্চিত ভাৰতীয় বেটছমেনৰ বীৰ-বিক্ৰম দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত ৩৫.২ অভাৰত আৰু দ্বিতীয় ইনিংছত ৪৭ অভাৰতে মাটিত মিলি গৈছিল। দীনেশ কাৰ্তিকে দুয়োটা ইনিংছ মিলাই কৰিলে মাত্ৰ ১ ৰান। লোকেশ ৰাহুল আৰু পূজাৰাই দুয়োটা ইনিংছত সংগ্ৰহ কৰা ৰানৰ সংখ্যা ১৮।

লৰ্ডছত টেষ্টত কোহলিয়ে কৰা ৰানৰ সংখ্যা ৪০। খেলত জয়-পৰাজয় থাকে। কিন্তু ভাৰতীয় দলে ইংলেণ্ডৰ হাতত যিধৰণে পৰাজয় স্বীকাৰ কৰিলে সেয়া ক্ৰিকেটৰ বলীয়া দেশ ভাৰতৰ ক্ৰিকেটপ্ৰেমীসকলে মানি ল'ব পৰা নাই।

সমালোচনাৰ প্ৰত্যুত্তৰ দিবলৈ এতিয়া অপেক্ষা কৰিব লাগিব তৃতীয় টেষ্টলৈ। ভাৰত-ইংলেণ্ডৰ মাজত অনু্ষ্ঠিত হ'বলগীয়া ৫খন টেষ্টৰ প্ৰথম ২খনতেই ইংলেণ্ড জয় হ'ল। ২-০ ব্যৱধানত এই শৃংখলাত পিছ পৰি আছে ভাৰত।

কোহলিয়ে আশ্বাস দিছে- 'বাকী থকা ৩খন টেষ্টত আমি ভাল খেলিবলৈ চেষ্টা কৰিম। যি দুখনত হাৰিলো, সেই দুখন টেষ্টত আমি হৰাৰে লায়ক আছিলো'।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in