টাটু অংকনেৰে ইণ্ডিয়া বুক অৱ ৰেকডৰ্ছত স্থান লাভ গুৱাহাটীৰ ৮ শিল্পী দলৰ…

টাটু অংকনেৰে ইণ্ডিয়া বুক অৱ ৰেকডৰ্ছত স্থান লাভ গুৱাহাটীৰ ৮ শিল্পী দলৰ…

ডিজিটেল ডেস্কঃ অসমত প্ৰথম বাৰৰ বাবে টাটু আৰ্টিষ্টৰ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ বাবে অনুষ্ঠিত হ'ল প্ৰতিযোগিতা। ৯ জানুৱাৰী, ২০২০ অৰ্থাৎ বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ জু-তিনিআলিস্থিত বৃন্দাবন গাৰ্ডেনত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা। বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত ভাগ্যৰাজ বৰুৱাৰ নেতৃত্বাধীন এক্সক্লুছিভ টাটু ষ্টুডিঅ'ৰ ৮জনীয়া দলে ৮১ মিনিটত টাটুৰ নিৰ্ধাৰিত চক্ৰ সম্পূৰ্ণ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হয়।

বিয়লি ২ বজাৰ পৰা ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ নিৰ্ণায়ক জিতেন্দ্ৰ কুমাৰজৈনৰ তত্বাৱধানত পৰিচালিত হয় এই টাটু অংকন প্ৰক্ৰিয়া। উল্লেখযোগ্য যে, সৰ্বনিম্ন৪৫ মিনিট ধাৰ্য্য কৰা এই টাটু কংকন প্ৰতিযোগিতাখনিৰ বিষয় আছিল 'প্ৰকৃতি আৰু গঁড়ৰসুৰক্ষা'।

এক্সক্লুছিভ টাটু ষ্টুডিঅ'ৰ শিল্পীৰ দলটোৰ লগতে উদ্যোক্তাৰ পৰা জানিব পৰা মতে, ইতিপূৰ্বে বিগত বৰ্ষত দক্ষিণ আফ্ৰিকাৰ এটি চাৰিজনীয়া দলে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে, দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে অসমৰ এক্সক্লুছিভ টাটু ষ্টুডিঅ'ৰ দলটোৱে এই প্ৰমাণ পত্ৰ লাভ কৰি বাৰুকৈয়ে আনন্দিত হৈছে। দলটোত থকা আন শিল্পী কেইগৰাকী হ'ল ক্ৰমে- ভাগ্যৰাজ বৰুৱা, প্ৰশান্ত ভূঞা, সুদীপ্ত বৰুৱা, ৰিমঝিম শইকীয়া, মুনমী হাজৰিকা, হৃত্বিক কলিতা, পিংকু দেৱী আৰু প্ৰাঞ্জল চক্ৰৱৰ্তী।

উল্লেখ্য যে, প্ৰতিযোগিতাখনিৰ নিয়ম অনুসৰি নিৰ্ধাৰিত বিষয়বস্তুক সামৰি নিৰ্দিষ্ট পৰিমাণৰ আৰ্টিষ্টে অনুমোদিত সজুলি আৰু সুৰক্ষা সম্পৰ্কীয় সকলো চৰ্ত পূৰণ কৰি চক্ৰাকাৰত টাটু অংকন প্ৰক্ৰিয়াটো নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে। পূৰ্বে চাৰিজনীয়া দলটোৰ বাবে বিৰতিহীন ৪৫ মিনিট ধাৰ্য কৰা হৈছিল।

বৃহস্পতিবাৰৰ চক্ৰটোত ৮জনীয়া আছিল বাবেই ইয়াত দুটা বিষয় সামৰি লোৱা হৈছিল। ইয়াৰে এটা আছিল গঁড়ৰ সুৰক্ষা আৰু আনটো আছিল পৰিৱেশৰ সুৰক্ষা। সেই অনুসৰি পূৰ্বতকৈ কম সময়ৰ ভিতৰতে ৮১ মিনিটত ৮জনীয়া দলটোৱে বিৰতিহীনভাৱে টাটু অংকন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি বিশেষ কৃতিত্বৰ অধিকাৰী হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in