লালকিল্লাৰ পৰা মোদীৰ ভাল খবৰঃ ২০২২ত মহাকাশলৈ ভাৰতৰ মানৱ যান

লালকিল্লাৰ পৰা মোদীৰ ভাল খবৰঃ ২০২২ত মহাকাশলৈ ভাৰতৰ মানৱ যান

ডিজিটেল ডেস্কঃ ৭২ সংখ্যাক স্বাধীনতা দিৱসত দেশবাসীক সম্বোধন কৰি দিয়া ভাষণ এটি কবিতাৰে সামৰণি মাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ইয়াৰ পূৰ্বে নিজৰ ভাষণত কেবাটাও ঐতিহাসিক ঘোষণা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। লালকিল্লাৰ ১৫ আগষ্টৰ মঞ্চৰ পৰা দেশবাসীক এটা ভাল খবৰ দিবলৈ ওলাইছে বুলি কৈ মোডীয়ে উল্লেখ কৰে মহাকাশলৈ মানৱ যান প্ৰেৰণৰ কথা।

'ভাৰতে মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত অভূতপূৰ্ব সাফল্য লাভ কৰিছে। এতিয়া আমি আৰু সাফল্যৰ দিশে আগবাঢ়িব লাগিব। সেয়ে অহা ২০২২ চনত যেতিয়া দেশে ৭৫ সংখ্যাক স্বাধীনতা দিৱস পালন কৰিব তেতিয়া আমাৰ দেশৰ পুত্ৰ অথবা কন্যাই হাতত ত্ৰিৰংগা লৈ মহাকাশলৈ যাত্ৰা কৰিব'।–এইদৰে কয় মোডীয়ে।

তেওঁ আৰু কয়, 'মহাকাশলৈ মানৱ যান প্ৰেৰণ কৰা চতুৰ্থখন দেশত পৰিণত হ'ব ভাৰত। মই এই ছেগতে আমাৰ দেশৰ বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলৰ উছাহক ধন্যবাদ জ্ঞাপন কৰিছো'।–তেওঁ কয়।

আনহাতে আজিৰ এই বিশেষ দিনটোতে দীন দয়াল উপাধ্যয়ৰ জন্ম বাৰ্ষিকী উপলক্ষে অহা ২৫ ছেপ্তেম্বৰত মোডীকেয়াৰ নামেৰে পৰিচিত আয়ুস্মান ভাৰত ৰূপায়ণ কৰাৰ কথাও সদৰী কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই আঁচনিখনত ১০ কোটি দৰিদ্ৰ লোকক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। নিজৰ ভাষণত তেওঁ জনজাতীয় শিশুৱে মাউণ্ট এভাৰষ্ট আৰোহণ কৰাৰ পৰা আৰম্ভ কৰি ভাৰতীয় মহিলাই দক্ষিণ মেৰু ভ্ৰমণ কৰাৰ কথা উল্লেখ কৰি নৱ-প্ৰজন্মৰ সকলোকে উদ্যমী হ'বলৈ আহ্বান জনায়।

তেওঁৰ চৰকাৰে দায়িত্ব লোৱাৰ পিছৰে পৰা দেশত প্ৰগতি যে অধিক ক্ষিপ্ৰতৰ হৈ পৰিছে সেই কথাও নিজৰ ভাষণত উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, 'যদিহে আমি আৰম্ভণিৰ দিনটোলৈ উভতি নাচাও তেতিয়া কিমানখিনি আগবাঢ়ি আহিলো সেয়া বুজিবই নোৱাৰিম। সেয়ে আমি যদি ২০১৩ চনলৈ উভিত যাওঁ, তেতিয়া আপোনালোক সকলোৱে প্ৰগতিৰ গতিবেগ দেখি আচৰিত হৈ পৰিব'

মেক ইন ইণ্ডিয়াৰ জৰিয়তে দেশত উদ্যোগিক বিকাশে নতুন গতি লাভ কৰিছে বুলিও মন্তব্য কৰে মোদীয়ে। এই সন্দৰ্ভত তেওঁ মোবাইল নিৰ্মাণ কৰা কোম্পানীয়ে ভাৰত ইউনিট স্থাপন কৰা, নতুন আই আই টি স্থাপন, এইমছ স্থাপনৰ লগতে স্কিল ইণ্ডিয়াৰ প্ৰসংগ উল্লেখ কৰে।

সম্প্ৰতি সমগ্ৰ বিশ্বতে ভাৰতক লৈ ধ্যান ধাৰণা সলনি হোৱা বুলি নিজৰ ভাষণত সদৰী কৰে মোডীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া ভাৰতীয় এজনে যি দেশলৈকে নাযাওক কিয় সকলোতে এক বিশেষ আদৰ লাভ কৰে। ভাৰতীয় পাছপৰ্টৰ শক্তি পূৰ্বৰ তুলনাত কেবাগুণে বৃদ্ধি পোৱা বুলিও দাবী কৰে মোডীয়ে। দেশক যাতে অধিক আগুৱাই লৈ যাব পাৰে তাৰ বাবে জনতাৰ অংশগ্ৰহণ অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰি তেওঁ সকলোকে MyGov.in ৱেবছাইটত পৰামৰ্শ আগবঢ়াবলৈকো আহ্বান জনায়।

ভাষণত তেওঁ উত্তৰ-পূবৰ প্ৰসংগও উল্লেখ কৰে। তেওঁ কয় যে উত্তৰ-পূবৰ পৰা দেশক অনুপ্ৰাণিত কৰাৰ খবৰ আহিবলৈ লৈছে। উত্তৰ-পূবৰ অৰ্থনীতিৰ দ্ৰুত উন্নতি হৈছে। উত্তৰ-পূবৰ খেলুৱৈয়ে দেশ উজলাইছে বুলি উল্লেখ কৰি মোডীয়ে কয়, 'এটা সময়ত উত্তৰ-পূববাসীয়ে ভাবিছিল দিল্লী বহু দূৰ, কিন্তু চাৰি বছৰত আমি দিল্লীক স্থাপন কৰিছো উত্তৰ-পূবত।'

উল্লেখ্য যে দায়িত্বভাৰ গ্ৰহণৰ পিছতে জনধন যোজনাকে আদি কৰি একাধিক বিশেষ আঁচনি লালকিল্লাৰ পৰা এই দিনটোতে ঘোষণা কৰালৈ চাই এইবাৰো মোদীয়ে নতুন বিশেষ আঁচনি ঘোষণা কৰিব বুলি চৰ্চা চলিছিল যদিও আজি তেনে কোনো ঘোষণা নকৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে। ইয়াৰ পৰিৱৰ্তে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিজৰ অন্তিমটো ১৫ আগষ্টৰ ভাষণত মোডীয়ে তেওঁৰ চৰকাৰে ৰূপায়ণ কৰা একাধিক আঁচনিৰ কথা উল্লেখ কৰি তাৰ সফলতাসমূহৰ বিষয়ে দেশবাসীক অৱগত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in