মঙলদৈত বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন…

মঙলদৈত বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন…

ডিজিটেল সংবাদ মঙলদৈঃ স্বাধীনতাৰ মহাৰজত জয়ন্তী অৰ্থাৎ৭৫ বছৰ অতিক্ৰম কৰি ৭৬ বছৰত ভৰি দিলে। দেশে এইবাৰ তিনিদিয়াকৈ উদযাপন কৰা স্বাধীনতা দিৱসৰ আজি তৃতীয়টো দিন। ৭৬সংখ্যক স্বাধীনতা দিৱসৰ তৃতীয় দিনা মঙলদৈ কাছাৰী ময়দানৰ পতকা উত্তোলন কৰে জিলা উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাই ।

স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে এইবছৰৰ স্বাধীনতা দিৱস জাকজমকতাৰে পালন কৰা হৈছে। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ লগতে তিনিবৰনীয়া বেলুন উৰুৱাই আকাশ তিনিবৰনীয়া কৰি তোলা হয়।মঙলদৈ কছাৰী ময়দানত অসম আৰক্ষী,গৃহৰক্ষী বাহিনী,চি আৰ পি এফ, এন চি চি, স্কাউট গাইড চিভিল ডিফেঞ্চ আদি দলে মাৰ্চ ফাৰ্চত অংশগ্ৰহণ কৰে।

মাৰ্চ ফাৰ্চৰ পিছতেই বিভিন্ন সাংস্কৃতিক দলে সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰে। পতকা উত্তোলনৰ কাৰ্যসূচীৰ পিছতেই দিনযোৰা কাৰ্যসূচীৰে জিলা কাৰগাৰৰ কয়দী সকলৰ মাজত ফলমুল বিতৰণ, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰোগী সকলৰ মাজত ফলমুল বিতৰণ, বিভিন্ন খেল ধেমালিৰ আদি কাৰ্যসূচী জিলা প্ৰশাসনে ৰূপায়ন কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in