পুনৰ পাকিস্তানৰ হাতত পৰাজিত ভাৰত…

পুনৰ পাকিস্তানৰ হাতত পৰাজিত ভাৰত…

ডিজিটেল ডেস্কঃ ২০২১ বৰ্ষটো ভাৰতীয় ক্ৰিকেটৰ বাবে যেন বৰ সুখকৰ নহয়। বিশ্বকাপত পাকিস্তানৰ হাতত পৰাস্ত নোহোৱা ভাৰতীয় দলে এইবাৰ টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখ খেলতেই চূড়ান্ত ব্যৰ্থতাৰে পৰাজিত হৈছিল। সেই একেই ধাৰাবাহিকতা ৰক্ষা কৰি ভাৰতৰ অনূৰ্ধ্ব-১৯ দলটোৱে এছিয়া কাপ প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে পৰাজিত হৈ ভাৰতীয় ক্ৰিকেট অনুৰাগীক বিমুখ কৰিলে।

এক ৰোমাঞ্চকৰ খেলত পাকিস্তানে অন্তিম বলত টীম ইণ্ডিয়াক ২ উইকেটত পৰাস্ত কৰিছে। খেলখনত টছত পৰাজিত হোৱাৰ পিছত ভাৰতে পাকিস্তানৰ আমন্ত্ৰণ মৰ্মে প্ৰথমে বেটিং কৰে আৰু পাকিস্তানৰ সন্মুখত ২৩৭ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। বাৰতৰ হৈ আৰাধ্য যাদৱে ৫০ ৰাণ কৰাৰ লগতে জিশান জামিৰে পাকিস্তানৰ হৈ ৫ উইকেট দখল কৰে।

পাকিস্তানে নিৰ্ধাৰিত ৫০ অভাৰত ৮ টা উইকেট হেৰুৱাই ২৩৮ ৰাণৰ লক্ষ্য অতিক্ৰম কৰে। পাকিস্তানৰ হৈ মহম্মদ শ্বাহজাদে ৮১ ৰাণ সংগ্ৰহ কৰে। আনহাতে আহমেদ খানে অপাৰিজত ২৯ ৰাণ কৰে। উল্লেখ্য যে ২০১৩ চনৰ পিছত এইয়া প্ৰথমবাৰৰ বাবে এছিয়া কাপত পাকিস্তানৰ বিজয় আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in