শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

পশ্চিমবংগত নতুন যান-বাহন আইন কাৰ্যকৰী নহয়ঃ মমতা বেনাৰ্জী…

862

ডিজিটেল ডেস্কঃ পশ্চিমবংগত নতুন যান-বাহন আইন কাৰ্যকৰী নহয়। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে- তেওঁ নতুন যান-বাহন আইন কাৰ্যকৰী নকৰে ৰাজ্যখনত। গুজৰাট চৰকাৰে নতুন যান-বাহন আইনৰ জৰিমনা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিচদিনাই মমতা বেনাৰ্জীয়ে কৰে এই মন্তব্য।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, যান-বাহন আইন উলংঘাৰ বাবে জৰিমনা বৃদ্ধি কৰাটো সমস্যাৰ সমাধান নহয়। ইয়াক মানৱীয় দৃষ্টিকোণেৰে চোৱাৰ প্ৰয়োজন আছে। সংবাদমাধ্যমৰ আগত মমতা বেনাৰ্জীয়ে কয় যে, ইয়াত দুৰ্ঘটনাৰ হাৰ হ্ৰাস পাইছে। পশ্চিমবংগত ‘ছেফ ড্ৰাইভ, ছেফ লাইফ’ অভিযানো চলোৱা হৈছে।

উল্লেখ্য যে, গুজৰাট চৰকাৰে মঙলবাৰে নতুন যান-বাহন আইন উলংঘাৰ জৰিমনা হ্ৰাস কৰিছে। গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপাণীয়ে মঙলবাৰে ঘোষণা কৰে যে- ‘নতুন যান-বাহন আইন অনুসৰি, হেলমেট পৰিধান নকৰা চালকে ১০০০ টকা জৰিমনা ভৰিব লাগে। কিন্তু গুজৰাটত সেই জৰিমনা ৫০০ টকা কৰা হৈছে। তদুপৰি ছীট বেল্ট নিপিন্ধিলে ১০০০ টকাৰ পৰিৱৰ্তে ৫০০ টকা জৰিমনাহে বিহা হ’ব গুজৰাটত।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি