বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমণ : মহাৰাষ্ট্ৰ বাজেট অধিবেশনত প্ৰভাব….

বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমণ : মহাৰাষ্ট্ৰ বাজেট অধিবেশনত প্ৰভাব….

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমন।কোৰোনাৰ সংক্ৰমণে প্ৰভাব পেলাইছে মহাৰাষ্ট্ৰৰ বাজেট অধিবেশনত । ৪ সপ্তাহৰ বাবে মহাৰাষ্ট্ৰ বিধানসভাৰ বাজেট অধিবেশন অনুষ্ঠিত কৰাৰ কথা আছিল যদিও অধিবেশন খন ১০ দিনলৈ হ্ৰাস কৰা হৈছে । বাজেট অধিৱেশন ১ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ অনুষ্ঠিত হ'ব।

মহাৰাষ্ট্ৰত কোৰোনা সংক্ৰমণৰ দৈনিক বৃদ্ধি হৈছে । ৱাচিম জিলাৰ এখন হোষ্টেলত ২২৯ জন লোক কোৰোনাত সংক্ৰমিত হয়। বিজেপিয়ে অভিযোগ কৰিছে যে চৰকাৰে প্ৰশ্নোত্তৰ সময় নহোৱা কৰিবলৈ বাজেট অধিৱেশন হ্ৰাস কৰিছে । আনহাতে চৰকাৰে বিৰোধীৰ অভিযোগক ভিত্তিহীন বুলি অভিহিত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in