ভয়ংকৰ বিস্ফোৰণৰ পৰা ৰক্ষা পৰিল অনন্তনাগ, ৰাজপথত পৰি থকা শক্তিশালী বিস্ফোৰক নিষ্ক্ৰিয়

ভয়ংকৰ বিস্ফোৰণৰ পৰা ৰক্ষা পৰিল অনন্তনাগ, ৰাজপথত পৰি থকা শক্তিশালী বিস্ফোৰক নিষ্ক্ৰিয়

ডিজিটেল ডেস্কঃ ভাৰতীয় সেনা বাহিনীৰ তৎপৰতাত বৃহস্পতিবাৰে এক ভয়ংকৰ বিস্ফোৰণৰ পৰা জম্মু-কাশ্মীৰৰ অনন্তনাগ। জিলাখনৰ ১১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অত্যন্ত শক্তিশালী বিস্ফোৰকটো সেনা বাহিনীৰ ডিছপোজেল স্কোৱাডে নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হয়। ইফালে বুধবাৰেও কাশ্মীৰ সেতুৰ সমীপত দুটা চিলিণ্ডাৰ ভৰ্তি বিস্ফোৰক নিষ্ক্ৰিয় কৰিছিল সেনা বাহিনীয়ে।

সেনাবাহিনীৰ এগৰাকী মুখপাত্ৰই সদৰী কৰা মতে, বিস্ফোৰটো বিস্ফোৰিত হ'লে বহু প্ৰাণহানি হোৱাৰ লগতে বহু পৰিমাণৰ সম্পত্তি ধ্বংসস্তূপত পৰিণত হ'লহেঁতেন। নিয়মীয়া তালাচীৰ সময়ত অনন্তনাগৰ ৰাজপথত এই বিস্ফোৰকটো প্ৰত্যক্ষ কৰে সেনাই। তাৰ পিছত অতি তৎপৰতাৰে বোম স্কোৱাডৰ দলে বিস্ফোৰকটো নিষ্ক্ৰিয় কৰি এই ভয়ংকৰ বিস্ফোৰণৰ পৰা অঞ্চলটো ৰক্ষা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in