প্ৰথম পৰ্যায়ৰ ৪৭ সমষ্টিত অগপ – বিজেপিৰ কোনে ক’ত পাব টিকট,ভাইৰেল প্ৰাৰ্থীৰ তালিকা…

প্ৰথম পৰ্যায়ৰ ৪৭ সমষ্টিত অগপ – বিজেপিৰ কোনে ক’ত পাব টিকট,ভাইৰেল প্ৰাৰ্থীৰ তালিকা…

ডিজিটেল ডেস্ক : কোন সমষ্টিত কোন দলৰ কোন প্ৰাৰ্থী হ'ব সেয়া এতিয়াও চূড়ান্ত হোৱা নাই । ছ'চিয়েল মিডিয়াত প্ৰাৰ্থী তালিকা চূড়ান্ত হোৱা বুলি কিছু তালিকা ভাইৰেল হৈছিল । কিন্তু এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা এতিয়াও কৰিবলৈ বাকী ।

দিল্লীত ইখনৰ পিছত সিখন বৈঠক বহিছে যদিও অগপ,বিজেপি আৰু ইউপিপিএলৰ সমষ্টিৰ ভাগ বতৰাকলৈ থকা জটিলতা আতৰ হোৱা নাই । কোনো কোনোৱে এই খবৰো প্ৰকাশ কৰিছে যে বৰ্তমানৰ ১২ গৰাকী বিজেপি বিধায়কে আৰু অগপৰ ৫ গৰাকী বিধায়কে এইবাৰ টিকট নাপায় ।

একেদৰে টিকট কেন্দ্ৰীক ব্যস্ততা কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটতো অব্যাহত আছে । অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজতো টিকটক লৈ মত পাৰ্থক্য দেখা দিছে । মহাজোঁটত থকা দল সমূহৰ মাজত আসন ভাগবতৰাক লৈ আলোচনা ইতিমধ্যে সমাপ্ত হৈছে ।

কংগ্ৰেছে প্ৰতিদন্দিতা কৰিব লগা সমষ্টি সমূহতো প্ৰাৰ্থীৰ নিৰ্বাচনৰ বাবে স্ক্ৰীণিং কমিটিৰ বৈঠক বহিছে । এতিয়া প্ৰাৰ্থিত্বক লৈ নিমিলা অংক প্ৰতিটো ৰাজনৈতিক দলৰ ভিতৰচৰাত । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত হ'ব লগা ৪৭ টা সমষ্টিৰ অগপ আৰু বিজেপিৰ প্ৰাৰ্থীৰ যি খন তালিকা ভাইৰেল হৈছে সেই তালিকা মতে –

  • ঢেকিয়াজুলি-অশোক সিংঘাল
  • বৰচলা-কিশোৰ উপাধ্যায় ( বঞ্চিত বিধায়ক গণেশ লিম্বু)
  • তেজপুৰ – বৃন্দাৱন গোস্বামী/দীপক শইকীয়া (বন্ধুত্বপূৰ্ণ)
  • ৰঙাপাৰা-বাতাছ ওৰাং/পল্লৱ লোচন দাস/জিতেন বৰঠাকুৰ
  • চতিয়া – পদ্ম হাজৰিকা
  • বিশ্বনাথ-অগপ (বন্ধুত্বপূৰ্ণ)
  • বিহালী-ৰঞ্জিত দত্ত
  • গহপুৰ – উৎপল বৰা/হেমন্ত বিজয় নহন্ত
  • ধিং-অগপ
  • বটদ্ৰৱা-আঙুৰলতা ডেকা
  • ৰূপহী-অগপ
  • চামগুৰি-মণি মাধৱ মহন্ত(অগপ)
  • কলিয়াবৰ-কেশৱ মহন্ত(অগপ)
  • বোকাখাট-অতুল বৰা ( অগপ)
  • সৰুপথাৰ-অগপ
  • গোলাঘাট-অজন্তা নেওগ/বিতোপন শইকীয়া
  • খুমটাই – মৃণাল শইকীয়া
  • দেৰগাঁও-অগপ
  • যোৰহাট-হিতেন গোস্বামী/শান্তনু পূজাৰী
  • মাজুলি-সৰ্বানন্দ সোনোৱাল
  • তিতাবৰ-কৃষ্ণমনি চুতীয়া/হেমন্ত কলিতা
  • মৰিয়নী-কামাখ্যা প্ৰসাদ তাছা/অলক ঘোষ
  • টিয়ক-অগপ(শ্যামকানু মহন্ত)
  • আমগুৰি – অগপ (প্ৰদীপ হাজৰিকা)
  • নাজিৰা-ময়ুৰ বৰগোহাঁই
  • মাহমৰা-যোগেন মহন
  • সোণাৰি-পৱন বেদিয়া/স্বাক্ষৰ গগৈ
  • থাওৰা-কুশল দুৱৰী
  • শিৱসাগৰ তপন গগৈ
  • বিহপুৰীয়া-অমিয় ভূঞা/দেৱানন্দ হাজৰিকা
  • নাওবৈচা- অগপ ( জয়ন্ত খাউণ্ড )
  • লক্ষিমপুৰ-মানৱ ডেকা/উৎপল দত্ত (বন্দুত্বপূৰ্ণ )
  • ঢকুৱাখনা-নৱ দলে
  • ধেমাজি-ৰণোজ পেগু
  • জোনাই-ভুৱন পেগু
  • মৰাণ-সুভাষ দত্ত
  • ডিব্ৰুগড়-প্ৰশান্ত ফুকন
  • লাহোৱাল-ঋতুপৰ্ণ বৰুৱা
  • দুলিয়াজান-তেৰছ গোৱালা/ইন্দ্ৰ গগৈ
  • টিংখাং-বিমল বড়া
  • নাহৰকটীয়া-বিকুল ডেকা(বন্ধুত্বপূৰ্ণ)
  • চাবুৱা-বিনোদ হাজৰিকা/পোণাকন বৰুৱা ( বন্ধুত্বপূৰ্ণ)
  • তিনিচুকীয়া-পুলক গোহাঁই
  • ডিগবৈ-সুৰেণ ফুকন/অৰুণজ্যোতি মৰাণ
  • মাৰ্ঘেৰিটা-লক্ষ্য কোঁৱৰ/ভাস্কৰ শৰ্মা
  • ডুমডুমা-সঞ্জয় কিষাণ
  • শদিয়া-বলীন চেতিয়া

আদিয়ে প্ৰতিদন্দিতা কৰিব । কিন্তু এয়া চৰ্চিত প্ৰাৰ্থী তালিকাহে । মোডীয়ে চীল মোহৰ মৰাৰ পিছতহে নিশ্চিত হ'ব কোনে ক'ত পালে টিকট ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in