এজেপি নগাঁও জিলা সমিতিৰ আহ্বায়কৰ গুৰুত্বপূৰ্ণ বৈঠক,৭ নবেম্বৰত জিলা সমিতি গঠন

এজেপি নগাঁও জিলা সমিতিৰ আহ্বায়কৰ গুৰুত্বপূৰ্ণ বৈঠক,৭ নবেম্বৰত জিলা সমিতি গঠন

ডিজিটেল সংবাদ,নগাঁও : মধ্য অসমৰ নগাঁও জিলাত নৱ গঠিত অসম জাতীয় পৰিষদৰ সাংগঠনিক কাম-কাজ অব্যাহত আছে। জিলাখনত দলটোৰ স্থিতি অধিক শক্তিশালী কৰি তুলিবলৈ ইতিমধ্যে আহ্বায়ক সকলে ব্যাপক প্ৰস্তুতি চলাইছে। এই প্ৰস্তুতিৰ অংশ হিচাপে জিলা খনৰ ৮টা বিধান সভা‌ সমষ্টিৰ আহ্বায়ক সকলৰ এখন গুৰুত্বপূৰ্ণ সভা দেওবাৰে নগাঁও চহৰৰ কিশলয় ভৱণত অনুষ্ঠিত হয়।

জিলাখনৰ ৮টা বিধান সভা সমষ্টিৰ আহ্বায়ক সকলৰ উপস্থিতত অনুষ্ঠিত হোৱা‌ সভাখনত অসম জাতীয় পৰিষদৰ সাংগঠনিক দিশৰ আলোচনা কৰাৰ লগতে সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হয়। সভাত চলিত মাহৰ ভিতৰত সমষ্টি কমিটি সমূহ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। জিলাখনৰ নগাঁও সদৰ, কলিয়াবৰ, চামগুৰি, বঢ়মপুৰ, ৰহা, ৰূপহী হাট, ধিং আৰু বটদ্ৰৱা সমষ্টিৰ বাবে নিয়োজিত আহ্বায়ক সকলে বিজেপি, কংগ্ৰেছ, অগপ, এ আই ইউ ডি এফ দলক কঠোৰ সমালোচনা কৰে।

সৰ্বভাৰতীয়- সাম্প্ৰদায়িক ৰাজনৈতিক দল আৰু সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ নেগুৰত ধৰা ৰাজনৈতিক শক্তিক প্ৰতিহত কৰাৰ বাবে এক আপোচহীন, শক্তিশালী আঞ্চলিক ৰাজনৈতিক শক্তি গঠনৰ পোষকতা কৰা হয়।অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিৰ আহ্বায়কদয় ৰানা বৰদলৈ আৰু উদিপ্ত নাৰায়ণ ৰজাই জানিবলৈ দিয়া মতে অহা ৭ নবেম্বৰত অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতি গঠন কৰা হ'ব। ইতিমধ্যে নগাঁও জিলাৰ আহ্বায়ক সকলে সদস্য ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে আছু- যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সদস্য, কা বিৰোধী আন্দোলনৰ লগত জড়িত বিশিষ্ট ব্যক্তি, সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া – কৰ্মচাৰী, চিকিৎসক , অধিবক্তা আদিৰ লগত যোগাযোগ কৰিছে।

অগপৰ তৃৰ্ণমূল পৰ্যায়ৰ বহু‌ নেতা কৰ্মীয়ে অসম জাতীয় পৰিষদত অচিৰেই যোগদান কৰিব। আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বহু কেইটা সংগঠনৰ উদ্যোগত গঠিত ৰাইজৰ দলেও নগাঁও জিলাত সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে। এই তৎপৰতাৰ অংশ হিচাপে কাইলৈ দিনৰ ১১বজাৰ পৰা নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ কলা মন্দিৰত ৰাইজৰ দলৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হ'ব। ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ আহ্বায়ক সকলৰ অনুষ্ঠিত হ'ব লগা সভাত দলটোৰ নগাঁও জিলা সমিতিৰ সাংগঠনিক কাম-কাজ সম্পৰ্কে আলোচনা কৰা হ'ব। সভাত ৰাইজৰ দলৰ ৰাজ্যিক সমিতিৰ কেইবাজনো আহ্বায়ক উপস্থিত থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in