দেশৰ ৫ ৰাজ্যৰ বাবে অ’ৰেঞ্জ এলাৰ্ট ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ…

দেশৰ ৫ ৰাজ্যৰ বাবে অ’ৰেঞ্জ এলাৰ্ট ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ…

ডিজিটেল ডেস্ক : প্ৰচণ্ড শীতে কোপাইছে দিল্লী-এনছিআৰ অঞ্চল সমূহৰ লগতে সমগ্ৰ উত্তৰ ভাৰত । শীতৰ লগতে উত্তৰ ভাৰত কুঁৱলীয়ে ঢাকি ৰাখিছে । দিল্লীত বুধবাৰ নিম্নতম তাপমাত্ৰা ৪.৮ ডিগ্ৰী ছেলছিয়াছ । ইফালে বুধবাৰৰ দিনটোত দেশৰ ৰাজধানী ঘন কুঁৱলীয়ে আবৰি ৰাখিছে । পঞ্জাৱ, হাৰিয়ানা,উত্তৰাখণ্ড,জম্মু আৰু কাশ্মীৰ, স্থান, উত্তৰাখণ্ডতো নামিছে প্ৰচণ্ড শীত।

পৰৱৰ্তী চাৰিৰ পৰা পাঁচ দিনৰ বাবে শীতৰ সম্ভাৱনা প্ৰকাশ কৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অ'ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। দিল্লীসহ পঞ্জাৱ, হাৰিয়ানা, চণ্ডিগড় আৰু ৰাজস্থানত শীতৰ প্ৰকোপ বৃদ্ধি পাব বুলি ভৱিষ্যতবাণী কৰিছে বতৰ বিজ্ঞান বিভাগে । ইয়াৰ উপৰিও, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in