ঈদৰ বাবে শিথিল কোৰোনাৰ প্ৰ’টকলঃ কেৰালা চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব আই এম এ

ঈদৰ বাবে শিথিল কোৰোনাৰ প্ৰ’টকলঃ কেৰালা চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব আই এম এ
  • ঈদৰ বাবে শিথিল কৰা নিয়ম প্ৰত্যাহাৰ কৰিবলৈ কেৰালা চৰকাৰক দাবী ইণ্ডিয়ান মেডিকেল এচ'ছিয়েশ্বনৰ।
  • ঈদৰ বাবে কেৰালা চৰকাৰে ৰাজ্যখনত শিথিল কৰাৰ সিদ্ধান্ত লৈছিল কোৰোনাৰ বাবে গ্ৰহণ কৰা বিভিন্ন নীতি-নিয়ম।
  • কেৰালা চৰকাৰে এই সিদ্ধান্ত প্ৰত্যহাৰ নকৰিলে উচ্চতম ন্যয়ালয়ৰ দ্বাৰস্থ হ'ব আই এম এ।
  • ইণ্ডিয়ান মেডিকেল এচ'ছিয়েশ্বনৰ মতে দেশৰ পৰা এতিয়াও দূৰ হোৱা নাই কোৰোনাৰ ভয়াবহতা।
  • কেৰালাতো অব্যাহত আছে কোৰোনাৰ সংক্ৰমন।
  • ৰাজ্যখনৰ কোৰোনাৰ বাবে সৃষ্টি হৈছে জটিল পৰিস্থিতি।
  • এনে সময়তে কেৰালা চৰকাৰে ঈদৰ সময়ত কোৰোনাৰ নীতি-নিয়ম শিথিল কৰাৰ সিদ্ধান্ত লোৱা কাৰ্যক সমালোচনা আই এম এৰ।
  • শনিবাৰে কেৰালা চৰাকাৰে ঈদৰ সময়ত কোৰোনাৰ নীতি-নিয়ম শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
  • ৰাজ্যখনত নিশা ৮ বজালৈকে কাপোৰকে ধৰি অন্যান্য দোকান পোহাৰ খোলাৰ অনুমতি দিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in