নগাঁও-কাৰ্বিআংলং সীমান্তত অবৈধ শিল খননঃ বন্যহস্তীৰ বিচৰণস্থলীত আৰ এছ গান্ধীৰ হাতোৰা

নগাঁও-কাৰ্বিআংলং সীমান্তত অবৈধ শিল খননঃ বন্যহস্তীৰ বিচৰণস্থলীত আৰ এছ গান্ধীৰ হাতোৰা

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও-কাৰ্বিআংলং সীমান্তত এতিয়া অবাধে চলিছে বন ধ্বংসযজ্ঞ। একাংশ চৰকাৰী বিষয়া তথা চৰকাৰ প্ৰশাসনৰ আশীষপুষ্ট হৈ একাংশ বনিক গোষ্ঠীয়ে কঠালগুৰিৰ ঢোলপাহাৰকে আদি কৰি বিভিন্ন অঞ্চলৰ লগতে পাৰ্কোপ পাহাৰত এতিয়া চলাইছে অবৈধ শিল খনন কাৰ্য।

পাৰ্কোপ পাহাৰৰ পানীমুৰাৰ লগতে বিভিন্ন স্থানত চলিছে এই কাৰ্য।আৰ এছ গান্ধীকে আদি কৰি বিভিন্ন বনিক গোষ্ঠীয়ে চলাই গৈছে অবৈধ শিল খনন। দৈনিক চামগুৰিৰ নিকটবৰ্তী কঠালগুৰি উদমাৰী হৈ পাৰ হয় শ শ শিল ভৰ্ত্তি ডাম্পাৰ। আনহাতে বন বিভাগে প্ৰদান কৰা চালান অনুসৰি ১৫ চি এমৰ পৰিবৰ্তে ২২ৰ পৰা ২৫ চি এম সামগ্ৰী আৰ এছ গান্ধীৰ লগতে আন কেইবাটাও বনিক গোষ্ঠীৰ ডাম্পাৰে কঢ়িয়াই বিধ্বস্ত কৰিছে গড়কাপ্টানী পথ।

পথত সৃষ্টি হৈছে বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁতৰ। যাৰ ফলত এতিয়া দুৰ্ভোগ ভূগিছে কঠালগুৰি, উদমাৰীকে আদি কৰি বৃহত্তৰ অঞ্চলৰ ৰাইজ তথা শিক্ষাৰ্থীয়ে। ইয়াৰোপৰি বন্যহস্তীৰ বিচৰণস্থলীত অবৈধ শিলখনন অব্যাহত ৰখাত এতিয়া বছৰৰ বাৰ মাহেই বন্যহস্তীৰ সমস্যাৰ সন্মুখীন হৈছে চামগুৰিৰ ৰাইজ।

বহুজনৰ বন্যহস্তীৰ আক্ৰমণত মৃত্যু হোৱাৰ পৰিবৰ্তে বন্যহস্তীৰ মৃত্যু উপত্যকালৈ পৰিণত হৈছে চামগুৰিৰ বিভিন্ন অঞ্চল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in