হানবোকা পাহাৰত হিন্দুস্তান কনষ্ট্ৰাকশ্যনৰ অবৈধ খনন, অসুবিধাত বন্যহস্তী, ডেইথৰ আৰক্ষী থানাত গোচৰ…

হানবোকা পাহাৰত হিন্দুস্তান কনষ্ট্ৰাকশ্যনৰ অবৈধ খনন, অসুবিধাত বন্যহস্তী, ডেইথৰ আৰক্ষী থানাত গোচৰ…

ডিজিটেল সংবাদ, গোলাঘাটঃ কাৰ্বি আংলং ইন্টাংকি হস্তী প্ৰকল্পৰ অন্তৰ্গত হানবোকা পাহাৰত হিন্দুস্তান কনষ্ট্ৰাকশ্যন নামৰ এটা ব্যক্তিগত কোম্পানীয়ে অবৈধভাৱে ফ'কলেন লগাই পাহাৰখনত খনন কাৰ্য চলোৱাৰ ফলত অসুবিধাত পৰিছে বন্যহস্তী। যাৰ বাবে দিশহাৰা হৈ বন্যহস্তীয়ে জনাঞ্চলত প্ৰৱেশ কৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। এই কাৰ্যৰ দ্বাৰা কোম্পানীটোৱে পাহাৰখনক ধ্বংস কৰাৰ লগতে দৈনিক শ শ ডাম্পাৰ মাটি কঢ়িওৱাৰ ফলত সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰিছে।

মাত্ৰ এয়াই নহয়, ডেইথৰৰ মাজেদি পাৰ হৈ যোৱা কালিয়নী নদীৰ ৰঙাগড়া, পানজাং আদি অঞ্চলত অবৈধ শিল, বালি খননৰ ফলত নদীখনলৈও ভাবুকি কঢ়িয়াই আনিছে। অভিযোগ অনুসৰি, কাৰ্বি আংলং জিলাৰ পূব সংমণ্ডলৰ বন সংমণ্ডল প্ৰাৰ্ধীকাৰী গৰাকীৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাই উক্ত অঞ্চলত পাহাৰ আৰু নদী খনন চলি আছে।

উল্লেখ্য যে, নুমলীগড় শোধনাগাৰাৰ ১৫ কিলোমিটাৰ ব্যাসাৰ্ধত কোনো ধৰণৰ উন্নয়নমূলক কাম কৰিব নোৱাৰা কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ নিষেধাজ্ঞা থকাৰ পাছতো বন বিভাগে সকলো নীতি নিয়ম উলংঘা কৰি অঞ্চলটোৰ বনজ সম্পদ লুণ্ঠন অব্যাহত ৰাখিছে।

বিভিন্ন অসুবিধাত পৰি নুমলীগড়, দৈগ্ৰোং, মৰঙি আদি অঞ্চলত বন্যহস্তীয়ে ত্ৰাসৰ সৃষ্টি কৰি খেতিপথাৰৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে দিনকদিনে হাতী-মানুহৰ সংঘাতো বৃদ্ধি পাইছে। বৃহস্পতিবাৰে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে ডেইথৰ আৰক্ষী থানাত উপস্থিত হৈ হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানী আৰু ডিফুস্থিত পূব সংমণ্ডল বন সংমণ্ডল প্ৰাধীকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ বিগত বৰ্ষৰ মে' মাহত কাজিৰঙা-কাৰ্বি আংলং সীমান্তৱৰ্তী অঞ্চলত শিল-বালি, কয়লা, মাটি আদি খননত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে নদীখনৰ বুকুতো খনন কাৰ্যত বাধা আৰোপ কৰিছিল। ইয়াৰ পাছতো ন্যায়ালয়ক বৃদ্ধাংগুষ্ঠ দেখুৱাই কাৰ্বি আংলং জিলা বন বিভাগে ভূমাফিয়াৰ লগত গোপান মিতিৰালি কৰি কেনেধৰণে অবাধ গতিত পাহাৰ খনন কৰি আছে সেয়া ৰহস্যজনক বিষয় হিচাপে বিবেচিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in