মাজবাটত অবৈধ শিল-বালি ভৰ্তি তিনিখন ডাম্পাৰ সহ ১২ খনকৈ কাঠৰ চাইকেল জব্দ

মাজবাটত অবৈধ শিল-বালি ভৰ্তি তিনিখন ডাম্পাৰ সহ ১২ খনকৈ কাঠৰ চাইকেল জব্দ

ডিজিটেল সংবাদ, ওৰাংঃ মাজবাটত বন বিভাগৰ সফল অভিযান। শনিবাৰে মাজবাটত বন বিভাগৰ অভিযানত বন বিভাগৰ এটা তহলদাৰি দলে অবৈধ শিল-বালি ভৰ্তি তিনিখনকৈ ডাম্পাৰসহ ১২ খনকৈ কাঠৰ চাইকেল জব্দ কৰে। মাজবাট আঞ্চলিক বন বিষয়াৰ নেতৃত্বত এটা তহলদালি দলে শনিবাৰে পুৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধনশ্ৰীঘাটৰ পৰা জব্দ কৰে অবৈধ শিল-বালি ভৰ্তি ডাম্পাৰ কেইখন। অবৈধ কাঠৰ চাইকেল কেইখন জব্দ কৰে মাজবাটৰ চিলংখুটীৰ পৰা।

জিলা বন সংমণ্ডল বিষয়াৰ নিৰ্দেশত মাজবাট আঞ্চলিক বন বিষয়াৰ দলে চলাইছিল এই অভিযান। উল্লেখ্য যে, বন বিভাগৰ তহলদাৰি দলে অবৈধ শিল-বালি ভৰ্তি ডাম্পাৰ কেইখনৰ চালকক ৰখাবলৈ সংকেত দিয়ে যদিও অবৈধ শিল-বালি ভৰ্তি ডাম্পাৰ কেইখনৰ চালকে তহলদাৰি বন বিভাগৰ লোকলৈহে চোচা লয় আৰু পলাই যাবলৈ চেষ্টা কৰে।

অৱশেষত বন বিভাগৰ দলে খেদি খেদি জব্দ কৰে অবৈধ শিল-বালি ভৰ্তি ডাম্পাৰ কেইখন। অবৈধ শিল-বালি ভৰ্তি ডাম্পাৰ কেইখনৰ নম্বৰ এএছ ১৬এচি-০৮৫৭, এএছ ১৬এচি-০৮০৩, এএছ ১২এএচি- ৬৮৪৭। উল্লেখ্য যে, চালান অবিহনে একাংশ শিল-বালি মাফিয়া চক্ৰই দীৰ্ঘদিন ধৰি ধনশ্ৰী সংমণ্ডলত চলাই গৈছে শিল-বালিৰ ৰমৰমীয়া বেহা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in