শেহতীয়া খবৰ
অখিল গগৈৰে অসমীয়া প্ৰতিদিনৰ এক্সক্লুছিভ সাক্ষাৎকাৰঃ কিয় বেয়া পাইছে অখিলক পৰেশ বৰুৱাই?  •  চন্দ্ৰপুৰত ‘পানী’ৰ নামত পানী হ’ল ৩৬৬ কোটি...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  অসমত ৬টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে : মন্ত্ৰী ৰঞ্জিত দাস...  •  অগ্ৰিম জামিন লাভ কৰি আৰক্ষী চকীত উপস্থিত জিষ্টৰ অধ্যক্ষ...  •  ছয়গাঁৱৰ গৰৈমাৰীত বিশেষভাৱে সক্ষম যুৱতী নিৰুদ্দেশ...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  মানকাচৰত আৰক্ষী-চিআৰপিএফৰ অভিযান, জব্দ বৃহৎ পৰিমানৰ গাঞ্জা...

চিলা সেন্দুৰীঘোপাৰ বিভিন্ন ঠাইত চলি আছে অবৈধ খনন, কাণসাৰ নাই প্ৰশাসনৰঃ এজেৱাইচিপি…

ডিজিটেল ডেস্কঃ সদৌ অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে প্ৰায় দুবছৰৰ পূৰ্বৰে পৰা অব্যাহত থকা উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত চিলা সেন্দুৰীঘোপা মৌজাৰ চিলা, কাটামূৰ, চকীগেট চৰকাৰী সেউজীয়া পাহাৰসমূহৰ খনন আৰু ধ্বংসলীলা চলি থকাৰ অভিযোগ উত্থাপন কৰিছে।সভাপতি বিৰাজ কুমাৰ তালুকদাৰ তথা সাধাৰণ সম্পাদক মঃ ছায়েদুৰ ৰহমানে অভিযোগ তুলিছে, স্থানীয় দুই বিজেপি পালি নেতাই কাষত থকা ম্যাদী পট্টা দোহাই দি চৰকাৰী পাহাৰ খনন কৰি আছে।

উল্লেখযোগ্য যে, প্ৰথমে চাংসাৰীত নিৰ্মীয়মাণ অৱস্থাত থকা এইমচৰ মাটি বাবে প্ৰয়োজনীয় মাটি সংগ্ৰহৰ বাবে বনবিভাগৰ অনুমতি লৈছিল যদিও সেই কাম শেষ হোৱাৰ পিছত এতিয়া অবৈধভাৱে খনন চলাই আছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে আৰু বিভিন্ন দল সংগঠনে।

অভিযোগ অনুসৰি, সংবাদ মাধ্যমত এই সম্পৰ্কে ইতিমধ্যে বহু কেইটা বাতৰি পৰিৱেশন হৈছে যদিও এতিয়া সকলো আওকান কৰি দৈনিক শ শ ডাম্পাৰেৰে মাটিৰ সৰবৰাহ কৰি আছে কামৰূপৰ বিভিন্ন জিলালৈ।এই সন্দৰ্ভত ৰাইজে আৰক্ষী অধীক্ষকৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ লিখিত ভাৱে অভিযোগ উত্থাপন কৰাৰ পিছতো কাণসাৰ নিদিয়াত ক্ষোভিত হৈ পৰিছে। সদৌ অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে বিষয়টিৰ ফলত বন বিভাগো ৰাজহৰ পৰা বঞ্চিত হোৱাৰ সন্দেহ ব্যক্ত কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি