পঞ্জাৱত ‘আপ’ৰ চৰকাৰ হ’লে ১৮ বছৰৰ ওপৰৰ মহিলাক প্ৰতিমাহে দিয়া হ’ব ১০০০ টকাকৈঃ অৰবিন্দ কেজৰিৱাল…

পঞ্জাৱত ‘আপ’ৰ চৰকাৰ হ’লে ১৮ বছৰৰ ওপৰৰ মহিলাক প্ৰতিমাহে দিয়া হ’ব ১০০০ টকাকৈঃ অৰবিন্দ কেজৰিৱাল…

ডিজিটেল ডেস্কঃ পঞ্জাৱৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আম আদমী পাৰ্টীৰ মুৰব্বী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সোমবাৰে পঞ্জাৱৰ মহিলাকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ কয়- যদি পঞ্জাৱত আপৰ চৰকাৰ গঠন হয় তেন্তে ৰাজ্যখনৰ ১৮ বছৰৰ ওপৰৰ মহিলাসকলৰ বেংক একাউন্টত প্ৰতিমাহে ১০০০ টকাকৈ দিয়া হ'ব।

অৰবিন্দ কেজৰিৱালে কয়- 'আজি মই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিম। মহিলাসকলক অধিক শক্তিশালী কৰাৰ কথা সকলোৱে কৈ আহিছে। মই আপোনালোকক প্ৰশ্ন কৰিব খোজো যে টকাৰ শক্তি কিমান? যদি জেপত টকা থাকিলেহেঁতেন তেন্তে মানুহে সকলো বস্তু ক্ৰয় কৰিব পাৰে, যিকোনো স্থানলৈ যাব পাৰে। টকাৰ বহুত শক্তি আছে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in