প’ৰ্ট ব্লেয়াৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত উজলিল অসমৰ নয়ন-ছোনিয়া

প’ৰ্ট ব্লেয়াৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত উজলিল অসমৰ নয়ন-ছোনিয়া

ডিজিটেল সংবাদ, ওদালগুৰিঃ পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ওদালগুৰিৰ দুই যুৱক-যুৱতীয়ে। এইবাৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত অনুষ্ঠিত ইয়াৱা(IAWA) নামৰ সৌন্দৰ্য প্ৰতিযোগিতাত দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠত্বৰ সন্মান আজুৰি আনিবলৈ সক্ষম হয় ওদালগুৰিৰ দুই যুৱক-যুৱতীয়ে। এই সৌন্দৰ্য প্ৰতিযোগিতাত দিল্লী, মুম্বাই, পঞ্জাৱ, কলকাতা, চণ্ডীগড় আৰু অসমৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।

বিগত ১১ ছেপ্তেম্বৰৰ পৰা ১৫ ছেপ্তেম্বৰলৈ আন্দামান আৰু নিকোবৰৰ প্ৰশাসনীয় ৰাজধানী প'ৰ্ট ব্লেয়াৰ চহৰত অনুষ্ঠিত এই সৌন্দৰ্য প্ৰতিযোগিতাত ওদালগুৰিৰ নয়নমণি ডেকাই পুৰুষৰ শাখাত দ্বিতীয় শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰাৰ লগতে ওদালগুৰিৰে আন এগৰাকী যুৱতী ছোনিয়া বসুমতাৰীয়ে মহিলাৰ শাখাত তৃতীয় শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে বহিঃৰাজ্যত অনুষ্ঠিত হোৱা এই সৌন্দৰ্য প্ৰতিযোগিতাখনিত অসমৰ পৰা তিনিগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰ ভিতৰত মহিলা শাখাত ক্ৰমে গুৱাহাটীৰ নীলঞ্জনা আৰু ওদালগুৰিৰ ছোনিয়া বসুমতাৰীয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে পুৰুষৰ শাখাত অসমৰ হৈ অংশগ্ৰহণ কৰিছিল ওদালগুৰিৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান নয়নমণি ডেকাই।

নয়নমণিয়ে পূৰ্ৱেও অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাত সন্মান আজুৰি আনিবলৈ সমৰ্থ হৈছে।  সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণৰ অদম্য হেপাহ মনত পুহি ৰখা নয়নে ব্যক্তিগত প্ৰতিষ্ঠান এটাত কাম কৰি পোৱা সামান্য ধনেৰে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত নয়নে কয় যে তেওঁৰ এই সাফল্যৰ আৰঁত আছে তেওঁৰ মাতৃ দিপালী ডেকা। মাতৃৰ উৎসাহৰ বাবেই তেওঁ দৰিদ্ৰতাৰ হেঙাৰ অতিক্ৰম কৰি বহিঃৰাজ্যত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাত এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে ওদালগুৰিৰ দুয়োগৰাকী প্ৰতিযোগীৰ মাজত কিছু টকা আগবঢ়াইছিল যদিও সেইখিনি আছিল প্ৰেৰণাৰ উৎস।

আন্দামান-নিকোবৰত এই সন্মান লাভ কৰাৰ পাছত তেওঁক ট্ৰফী, মেডেলেৰে সন্মান আগবঢ়োৱাৰ লগতে ছিংগাপুৰৰ এক অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ আগবঢ়াইছে। উক্ত কাৰ্যসূচীৰ খৰচ সম্পূৰ্ণ বিনামূলীয়া হ'ব। কিন্তু মনত অদম্য ইচ্ছা থকা সত্বেও যেন অনিশ্চয়তাত সোমাই পৰিছে নয়নৰ ছিংগাপুৰ ভ্ৰমণ। কিয়নো নয়নৰ হাতত নাই ছিংগাপুৰ ভ্ৰমণৰ বাবে প্ৰয়োজনীয়া ভিছা। ফলত কোনো ক্ষেত্ৰত যেন থমকি ৰৈছে নয়নৰ আত্মবল।

সেয়েহে অসম চৰকাৰ, বিটিচি প্ৰশাসন আৰু স্থানীয় মন্ত্ৰী ৰিহন দৈমাৰী তথা অসমৰ সহৃদয় লোকসকলক নয়নে সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ অনুৰোধ জনাইছে। তেওঁক যিকোনো ধৰণৰ যোগাযোগৰ বাবে ৭০০২৯০৬৪৬৭ নম্বৰত যোগাযোগৰ বাবে আহ্বান জনাইছে। ইফালে উক্ত প্ৰতিযোগিতাত মহিলাৰ শাখাত তৃতীয় স্থান লাভ কৰা ওদালগুৰিৰ ১ নম্বৰ ৱাৰ্ডৰ মাইদাংগুৰি গাঁৱৰ ছোনিয়া বসুমতাৰীৰ মনতো অধিক উৎসাহ দেখা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in