ব্যস্ততাৰ মাজতো সময় উলিয়াই মাজ ৰাতিলৈকে চিৰিয়েল চায় মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে…

ব্যস্ততাৰ মাজতো সময় উলিয়াই মাজ ৰাতিলৈকে চিৰিয়েল চায় মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে…

ডিজিটেল ডেস্কঃ টিভি পৰ্দাৰ চিৰিয়েলৰ চখ প্ৰায় প্ৰতিগৰাকী মহিলাৰে থাকে। পাকঘৰৰ ব্যস্ততা বা ল'ৰা-ছোৱালীক পঢ়োৱাৰ মাজতো সময় উলিয়াই মহিলাসকলে টেলিভিছনৰ প্ৰিয় ধাৰাবাহিকখন চোৱাৰ হেঁপাহ ৰাখে। মহিলাসকলৰ এনে হেঁপাহৰ বাবেই একোখন ধাৰাবাহিকৰ সম্প্ৰচাৰণ বৃদ্ধি কৰি গৈ থাকে পৰিচালক, প্ৰযোজক সকলে। আনহাতে মহিলাৰ আলোচনাৰ মাজতো এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰে এই ধাৰাবাহিক সমূহৰ কাহিনীয়ে।

কেৱল সাধাৰণ গৃহিনীসকলৰ বাবেই টিভিৰ ধাৰাবাহিক প্ৰিয় তেনে নহয়। এনে ধাৰাবাহিক প্ৰিয় বিভিন্ন কৰ্মক্ষেত্ৰত জড়িত সকলৰো। কৰ্ম ব্যস্ততাৰ পৰা উভতি আহি বহু মহিলাই টিভিটোৰ সন্মুখত নবহিলে শান্তি নাপায়। এটা খণ্ড চোৱাৰ পিছত পিছৰটো খণ্ডত কি হ'ব পাৰে, তাৰ কল্পনা কৰিয়েই অধীৰ অপেক্ষাত ৰৈ থাকে এই সকল চিৰিয়েলপ্ৰেমী মহিলা।

সময় উলিয়াই টেলিভিছন যোগে সম্প্ৰাচাৰিত কেইবাখনো ধাৰাবাহিক চায় পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও। এখন ৰাজ্য পৰিচালনা কৰাৰ দৰে অতি ব্যস্ত কৰ্মসূচীৰ মাজতো ধাৰাবাহিক চোৱাৰ তেওঁৰ এই চখৰ বিষয়ে খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। শুকুৰবাৰে সন্ধিয়া কলকতাত আয়োজিত টেলি অকাডেমী এৱাৰ্ড-২০১৯ৰ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বঙালী ভাষাৰ লগতে হিন্দী ভাষাত সম্প্ৰচাৰিত কেইবাখনো ধাৰাবাহিক তেওঁ দৈনিক উপভোগ কৰে।

'এয়া মোৰ পুৰণি চখ। যিমানেই কৰ্ম ব্যস্ততা নাথাকক, মই চিৰিয়েল চামেই। কেতিয়াবা সন্ধিয়াৰ ভাগত চাবলৈ সময় নাপালেও নিশা শোৱাৰ সময়ত তাৰ পুনৰ সম্প্ৰচাৰিত খণ্ড চাইহে টোপনি যাও। এতিয়া এয়া এক অভ্যাসত পৰিণত হৈছে। কেতিয়াবা চিৰিয়েল চাই চাই ৰাতি দুপৰলৈকে শোৱা নহয়গৈ।' -মমতা বেনাৰ্জীয়ে কয়।

অন্যহাতে কোনখন ধাৰাবাহিক কেতিয়া সম্প্ৰচাৰিত হয়, তাৰ সম্পূৰ্ণ খবৰ তেওঁ ৰাখে বুলিও জনায় মমতা বেনাৰ্জীয়ে। তেওঁ কয়, 'ধাৰাবাহিকসমূহৰ পৰা ইতিবাচক আৰু নেতিবাচক দুয়োটা শিক্ষাই পোৱা যায়। বিশেষকৈ ধাৰাবাহিকৰ উপস্থাপন শৈলী মোৰ ভাল লাগে। প্ৰতিটো খণ্ড চোৱাৰ পিছত পৰৱৰ্তী খণ্ডটোত কি হ'ব সেই উৎসুকতা মনত ৰৈ যায়।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in