মই দেশত শক্তিশালী বিৰোধী বিচাৰো: নৰেন্দ্ৰ মোডী

ফাইল ফটো
ফাইল ফটো

 ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে কানপুৰৰ দেহাতত এক সভা সম্বোধন কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে মই কোনো দলৰ বিৰোধিতা নকৰো, মই দেশত শক্তিশালী বিৰোধী বিচাৰো। 

মোডীয়ে কয় যে তেওঁ দেশ আৰু গণতন্ত্ৰৰ বাবে সমৰ্পিত মজবুত বিৰোধী দল বিচাৰে। তেওঁ কয় যে মই কাৰো বিৰোধিতা নকৰো, মোৰ কাৰো লগত ব্যক্তিগত শত্ৰুতা নাই। গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে ভাই-ভতিজীবাদৰ মাজত আৱদ্ধ হৈ থকা দল সমূহে ইয়াৰ পৰা ওপৰত আহিব লাগে।

প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত কানপুৰ দেহাতৰ ওপৰত কেন্দ্ৰীভূত এখন কিতাপ মুকলি কৰে। অনুষ্ঠানটোত ৰাষ্ট্ৰপতি আৰু পাৰুংখ গাওঁক কেন্দ্ৰ তথ্য চিত্ৰখন এখনো প্ৰদৰ্শন কৰা হৈছিল। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অনুষ্ঠানটোত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেলক আদৰণি জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in