বৃটেইনৰ ৰাজনীতিত ধুমুহাঃ মন্ত্ৰীসভাৰ পৰা অপসাৰিত মন্ত্ৰীৰ অভিযোগ- ”মুছলমান হোৱাৰ বাবেই মোক বাদ দিয়া হ’ল মন্ত্ৰীসভাৰ পৰা…”

বৃটেইনৰ ৰাজনীতিত ধুমুহাঃ মন্ত্ৰীসভাৰ পৰা অপসাৰিত মন্ত্ৰীৰ অভিযোগ- ”মুছলমান হোৱাৰ বাবেই মোক বাদ দিয়া হ’ল মন্ত্ৰীসভাৰ পৰা…”

ডিজিটেল ডেস্কঃ সাম্প্ৰদায়িকতা এতিয়াৰ ৰাজনীতিৰ যেন এক এৰাব নোৱাৰা অংগ। সাম্প্ৰদায়িক কথা-বতৰাৰে সামাজিক পৰিস্থিতি উত্তপ্ত কৰি ৰাজনৈতিক মুনাফা আদায় কৰাটোৱেই আজিৰ ৰাজনৈতিক দল তথা নেতাৰ কৌশল। ভাৰতৰ ক্ষেত্ৰত কোনো ৰাজনৈতিক দলেই ইয়াৰ ব্যতিক্ৰম নহয়। কেৱল ভাৰততেই যে সাম্প্ৰদায়িক ৰাজনীতি চলে তেনে নহয়। বিশ্বৰ আন বহু ৰাষ্ট্ৰটো সাম্প্ৰদায়িক কথা-বতৰাৰে সামাজিক পৰিস্থিতি উত্তপ্ত কৰি আহিছে।

শেহতীয়াকৈ বৃটেইনত সংঘটিত হৈছে এনে এক ঘটনা। এগৰাকী মহিলাক তেওঁৰ ধৰ্মৰ বাবেই মন্ত্ৰী পদৰ পৰা বিতাৰিত কৰাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগ উত্থাপন কৰিছে খোদ মন্ত্ৰীগৰাকীয়ে। বৃটেইনৰ নুছৰত গনী নামৰ মুছলমান মহিলাগৰাকী বৰিছ জনছন মন্ত্ৰীসভাত পৰিবহন মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল।

২০২০ চনত এইগৰাকী নুছৰত গনীক মন্ত্ৰীসভাৰ পৰা বাদ দিয়া হৈছিল। এই প্ৰসংগত নুছৰতে শেহতীয়াকৈ মুখ খুলিছে। তেওঁ স্পষ্ট অভিযোগ কৰিছে যে, তেওঁ মুছলমান হোৱাৰ বাবে মন্ত্ৰী পদৰ পৰা বাহিৰ কৰা হৈছে। নুছৰতৰ এই অভিযোগৰ পিছতে এতিয়া সমগ্ৰ বৃটেইনত ৰাজনৈতিক ধুমুহা বলিছে।

অৱশ্যে নুছৰত গনীৰ এই অভিযোগ সম্পূৰ্ণ ৰূপে নস্যাৎ কৰিছে বৰিছ জনছনে। বৰিছ জনছনে স্পষ্টকৈ কয় যে, তেওঁৰ দলে কেতিয়াও কোনো ব্যক্তিৰ মাজত কোনোধৰণৰ ভেদ-ভাৱ কৰা নাই। নুছৰতে মনে সজা কথা কৈছে। এইয়া মিছা অপবাদ। ইফালে বহুতেই আকৌ নুছৰত গনিৰ মন্তব্যকো সন্দেহৰ চকুৰে চাইছে। তেওঁলোকে স্পষ্টকৈ নুছৰতক প্ৰশ্ন উত্থাপন কৰিছে যে, ২০২০ বৰ্ষত তেওঁক মন্ত্ৰীসভাৰ পৰা বাদ দিয়াৰ সময়ত এই বিষয়ে মুকলিকৈ মাত নামাতিলে কিয়ে?

এই প্ৰশ্নৰ উত্তৰত নুছৰতে কয় যে, সেই সময়ত তেওঁ এইগৰাকী মহিলা হিচাপে অপমানিত আৰু শক্তিহীন অনুভৱ কৰিছিল। তেওঁৰ কেৰিয়াৰ ধ্বংস হৈ যোৱাৰ ভয়তেই এই বিষয়ে মুকলিকৈ মাত নামাতিলে বুলি উল্লেখ কৰিছে। ইফালে এই সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে বৃটেইনৰ ৰাজনৈতিক দল সমূহে। প্ৰকৃততে কোন সত্য বা কোনে অসত্যৰ আশ্ৰয় লৈছে সেই বিষয়ে শীঘ্ৰেই পোহৰলৈ অহাটো বিচাৰিছে বৃটেইনবাসীয়ে।

উল্লেখ্যে যে বৰিছ জনছনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত কৰা এইগৰাকী নুছৰত গনি এগৰাকী পাকিস্তান মূলৰ মহিলা।৪৯ বৰ্ষীয় এই মহিলা ৰাজনৈতিক নেত্ৰীগৰাকীয়ে ২০২০ চনলৈ বৰিছ জনছন মন্ত্ৰীসভাত পৰিবহনমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in