কোৰোনাতকৈ ভয়ংকৰ! প্ৰতিদিনে মৃত্যু হ’ব ১২হাজাৰ লোক, আহি আছে ‘হাংগাৰ ভাইৰাছ’…

কোৰোনাতকৈ ভয়ংকৰ! প্ৰতিদিনে মৃত্যু হ’ব ১২হাজাৰ লোক,  আহি আছে ‘হাংগাৰ ভাইৰাছ’…

ডিজিটেল ডেস্কঃ কোৰোনাই কোঙা কৰিছে বিশ্ব অৰ্থনীতি। প্ৰথমে সমগ্ৰ বিশ্বৰ প্ৰায়বোৰ দেশতে একেলেগ লকডাউন আৰু পাছত বিভিন্ন দেশৰ ৰাজ্যসমূহত পৃথককৈ পৃথককৈ ঘোষণা কৰা হল লকডাউন। এই লকডাউনত বহুতৰ জীৱিকা উপাৰ্জনৰ পথ ৰুদ্ধ হ'ল। দিন হাজিৰা কৰি খোৱা বহুলোকে অনাসায়ে দিন কটাবলগীয়া অৱস্থাৰো সৃষ্টি হৈছে বিশ্বত।

এনে সংকটপূৰ্ণ পৰিস্থিতিৰ মাজতে অক্সফাৰ্ম ইন্টাৰনেচনেলৰ এক প্ৰতিবেদনে শেহতীয়াকৈ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ চৰ্চা লাভ কৰিছে। অক্সফামৰ 'দ্যা হাংগাৰ ভাইৰাছ'শীৰ্ষক গৱেষণামূলক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে,কোৰোনাজনিত পৰিস্থিতিৰ সৈতে ভালদৰে মোকাবিলা কৰিব নোৱাৰিলে সৃষ্টি হ'ব অৰ্থনৈতিক বিপৰ্যয়ৰ।

এই বিপৰ্যয় ৰোধ কৰিব নোৱাৰিলে সমগ্ৰ বিশ্বত প্ৰতিদিনাই মৃত্যু হ'ব ১২ সহস্ৰাধিক লোকৰ। ক্ষুধাই অধিক ভয়ংকৰ ৰূপধাৰণ কৰি পৰা ১০খন দেশকো চিনাক্ত কৰিছে অক্সফামে। ইয়াৰ ভিতৰত আছে চিৰিয়া, ইথিউপিয়া,ভেনিজুৱেলা, পশ্চিম আফ্ৰিকা, চুদান,আফগানিস্তানৰ দৰে দেশ। তেওঁলোকৰ প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে, বিশ্বৰ মজলীয়া আয়ৰ দেশৰ সমূহত এই পৰিস্থিতিয়ে ভয়ংকৰ প্ৰভাৱ পেলাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in