জনজাতিকৰণ আৰু বিধেয়কৰ প্ৰতিবাদত ভেৰগাঁৱত জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিৰ ১২ ঘন্টীয়া অনশন

জনজাতিকৰণ আৰু বিধেয়কৰ প্ৰতিবাদত ভেৰগাঁৱত জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিৰ ১২ ঘন্টীয়া অনশন

ডিজিটেল সংবাদ, টংলাঃ চৰকাৰে জনজাতিকৰণ সংশোধনী বিধেয়ক ২০১৯ ৰ জৰিয়তে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিৰুদ্ধে জনগোষ্ঠীসমূহৰ সমন্বয় সমিতিয়ে মঙলবাৰে ওদালগুৰি জিলাৰ ভেৰগাঁওত ১২ ঘন্টীয়া অনশন কাৰ্যসূচী পালন কৰে ৷ কো-অৰ্ডিনেশ্বন কমিটি অৱ ট্ৰাইবেল অৰ্গেনাইজেশ্বনচ অৱ আসাম নামৰ জনগোষ্ঠীয় সমন্বয় সমিতিৰ উদ্যোগত অনুষ্ঠিত এই অনশনস্থলীত এবছু, আৰছু, বৰ্মন কছাৰীকে ধৰি বিভিন্ন দল-সংগঠনৰ পৰা সমবেত ছাত্ৰ কৰ্মীসকলে হাতে-হাতে জনজাতিকৰণ সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিভিন্ন শ্ল'গান সম্বলিত প্লেকাৰ্ড প্ৰদৰ্শন কৰে ৷

জনজাতিকৰণ বিধেয়ক বাতিল কৰক, অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, হাগ্ৰামা মহিলাৰী হায় হায় আদি ধ্বনিৰে ভেৰগাঁওত ৰাইজৰ দৃষ্টি আকৰ্ষন কৰে ৷ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ পালন কৰা এই ১২ ঘন্টীয়া অনশনস্থলীত উপস্থিত ওদালগুৰি জিলা এবছুৰ সভাপতি আনন্দ দৈমাৰী, আৰছুৰ কুলেন ৰাভা, বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ মাধৱ বৰ্মন আদিয়ে এই জনজাতিকৰন বিধেয়ক বাতিল কৰি ৰাজ্যখনৰ জনজাতিসকলৰ স্বাভিমান অক্ষুণ্ণ ৰখাৰ আহ্বান জনায় ৷ বিধেয়ক বাতিল নকৰা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব বুলি চৰকাৰক সকিয়াই দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in