কাকতলীয় সংযোগ নে ছেবাৰ দায়িত্বহীনতা ! নগাঁৱৰ মেধাৱী ছাত্ৰৰ লগত কি ঘটিল চাওঁক এই খবৰ…

কাকতলীয় সংযোগ নে ছেবাৰ দায়িত্বহীনতা ! নগাঁৱৰ মেধাৱী ছাত্ৰৰ লগত কি ঘটিল চাওঁক এই খবৰ…

ডিজিটেল সংবাদ নগাওঁঃ বুধবাৰে ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিশেষ পৰীক্ষাৰ ফলাফল। কিন্তু এই ফলাফল সম্পূৰ্ণ নিকা হয়নে? এই প্ৰশ্নই এতিয়া উত্থাপন হৈছে নগাঁৱত। কাৰণ ঘোষণা কৰা ফলাফলে এতিয়া হতাশাত পেলাইছে এগৰাকী মেধা ছাত্ৰক। কাৰণ এইগৰাকী ছাত্ৰই ইতিপূৰ্বে অনুষ্ঠিত হোৱা মূল পৰীক্ষাত লাভ কৰা নম্বৰ আৰু বিশেষ পৰীক্ষাত লাভ কৰা নম্বৰ সম্পূৰ্ণ একেই।

নগাওঁৰ বিপুল মালাকাৰ আৰু নিৰ্মালী বৰাৰ পুত্ৰ তথা নগাওঁ চৰকাৰী বালক বিদ্যালয়ৰ ছাত্র অভিনৱ মালাকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ৪৪৪ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। অতি মেধা সম্পন্ন ছাত্ৰ অভিনৱে অধিক নম্বৰ আশা কৰি বিশেষ পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ কিন্তু অভিনৱৰ এই বিশেষ পৰীক্ষাৰ ফলাফলো পূৰ্বৰ ফলাফলৰ সৈতে একেই হ'ল।

পূৰ্বৰ পৰীক্ষাৰ সৈতে বিশেষ পৰীক্ষাত লাভ কৰা নম্বৰৰ শতকৰা হাৰ একেই হোৱাটো স্বাভাৱিক বুলি ধৰি ল'লেও পূৰ্বৰ দৰে বিশেষ পৰীক্ষাতো প্ৰতিটো বিষয়তে একেই নম্বৰ লাভ কৰাটো জানো সম্ভৱ? ছাত্ৰজনে পূৰ্বৰ মূল পৰীক্ষাত অসমীয়াত ৬৫, ইংৰাজীত ৮০, গণিতত ৮৪ , বিজ্ঞানত ৭১, সমাজ বিজ্ঞানত ৭২ আৰু ঐচ্যিক গণিতত ৭২ নম্বৰ লাভ কৰিছিল। বুধবাৰে ঘোষণা কৰি বিশেষ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো তেওঁ পূৰ্বৰ দৰেই প্ৰতিটো বিষয়ত একেই নম্বৰ লাভ কৰিলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in