ইউপিএচচিত কেনেকৈ পাব সফলতা ক’লে ইউপিএচচিত স্থানপ্ৰাপকে…

ইউপিএচচিত কেনেকৈ পাব সফলতা ক’লে ইউপিএচচিত স্থানপ্ৰাপকে…

ডিজিটেল সংবাদ,কোকৰাঝাৰ : অসমৰ শিক্ষাৰ্থীয়ে ইউপিএচচিত ধাৰাবাহিকভাৱে সফলতা লাভ নকৰাটো সৰ্বজনবিদিত । যি দুই এজনে সফলতা লাভ কৰে সেয়া তেওঁলোকৰ নিত্যান্তই ব্যাক্তিগত প্ৰচেষ্ঠাৰ বাবেহে সফলতা লাভ কৰে । অসমৰ শিক্ষাৰ্থীয়ে ইউপিএচচিত সফলতা লাভ নকৰাৰ আচল কাৰণ এইবাৰ ইউপিএচচিত ৭৮৪ তম স্থান লাভ কৰা কিশোৰ সূত্ৰধাৰে মুকলি ভাৱে কলে । অসমীয়া মাধ্যমত অধ্যায়ন কৰি কেন্দ্ৰীয় লোকসভা আয়োগৰ সংযুক্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পিছত আজি আছুয়ে কিশোৰ সূত্ৰধাৰক সম্বৰ্ধনা জ্ঞাপন কৰে ।

আছুৰ কেন্দ্ৰীয় সহ সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়ৰ নেৰ্তৃত্বত আছুৰ এটি সঁজাতি দলে কোকৰাঝাৰত কিশোৰ সূত্ৰধাৰক সম্বৰ্ধনা জ্ঞাপন কৰে । সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে কেন্দ্ৰীয় লোকসভা আয়োগৰ সংযুক্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা কিশোৰ সূত্ৰধাৰে সংবাদমাধ্যমৰ আগত কয় যে আজিলৈ অসমৰ পৰা যিমান ছাত্ৰ ছাত্ৰী ইউপিএচচিত উত্তীৰ্ণ হৈছে , সেয়া তেওঁলোকৰ ব্যাক্তিগত প্ৰচেষ্ঠাৰ সম্ভৱ হৈছে । ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লভিবলৈ হলে প্ৰথমে মেণ্টল ব্লক আতৰাব লাগিব আৰু সমাজ , অভিভাৱক আৰু চৰকাৰে এইক্ষেত্ৰত ধনাত্মক ভূমিকা পালন কৰিব লাগিব । ধৈৰ্য ,একাগ্ৰতাই হে সফলতা আনে বুলি মন্তব্য কৰি একাণপতীয়াকৈ লাগি থাকিলে সফলতা লাভ কৰিবই বুলি মন্তব্য কৰিছে কিশোৰ সূত্ৰধাৰে ।


উল্লেখ্য যে কিশোৰ সূত্ৰধাৰ ২০১৯ বৰ্ষত কেন্দ্ৰীয় লোকসেৱা আয়োগে অনুষ্ঠিত কৰা সংযুক্ত পৰীক্ষাত ৭৮৪ স্থান লাভ কৰি উত্তীৰ্ণ হৈছিল । সম্প্ৰতি নাগালেণ্ডৰ খাদ্য নিগমত প্ৰৱন্ধক হিচাপে কৰ্মৰত কিশোৰ সূত্ৰধাৰ স্থান উন্নীতকৰণৰ বাবে পুণৰ কেন্দ্ৰীয় লোকসেৱা আয়োগে অনুষ্ঠিত কৰা সংযুক্ত পৰীক্ষাত অৱতীৰ্ণ হব বুলি সদৰি কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in