কেনেদৰে সমাধান হ’ব এনডিএফবি সমস্যা

কেনেদৰে সমাধান হ’ব এনডিএফবি সমস্যা
  • অসম চৰকাৰৰ প্ৰতিনিধিৰে প্ৰাক্তন এনডিএফবিৰ বৈঠক সন্দৰ্ভত গোৱিন্দ বসুমতাৰীৰ প্ৰতিক্ৰিয়া।
  • কোনো এটা গোটক বাদ দি কৰা আলোচনা সফল নহয়।
  • শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ সভাকক্ষত অসম চৰকাৰৰ প্ৰতিনিধিৰে প্ৰাক্তন এনডিএফবিৰ সৈতে অনুষ্ঠিত হৈছিল এক বৈঠক।
  • বৈঠক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চুক্তি স্বাক্ষৰকাৰী প্ৰাক্তন এনডিএফবি নেতা গোৱিন্দ বসুমতাৰীয়ে।
  • ওদালগুৰি চহৰত ইউপিপিএল দলৰ এক সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ সন্মুখত এই মন্তব্য প্ৰকাশ কৰে বসুমতাৰীয়ে।
  • একাংশ প্ৰাক্তন এনডিএবিৰ নেতাই বিপিএফ দলৰ প্ৰৰোচনাত পৰি প্ৰাক্তন এনডিএফবি সমন্বয়ৰক্ষী সমিতি নামৰ এটা সংগঠন গঠন কৰিছে।
  • সেই সমিতিখন সম্পূৰ্ণ ভিত্তিহীন, সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এই সমিতিখন গঠন কৰা হৈছে।
  • উক্ত সমন্বয়ৰক্ষী সমিতিখনত আমাৰ গোটৰ এগৰাকী স্বাৰ্থলোভী নেতাই যোগ দিছে যদিও সমিতিখনত গোবিন্দ বসুমতাৰী গোট অন্তৰ্ভুক্ত হোৱা নাই।
  • যিজন নেতাই গোবিন্দ বসুমতাৰী গোটৰ পৰা যোৱা বুলি প্ৰচাৰ চলোৱা হৈছে, তেওঁ আমাৰ পৰা কোনো ধৰণৰ অনুমতি লোৱা নাই অথবা তেওঁকো আমি গোটটোক নেতৃত্ব দিয়াৰ সেই কৰ্তৃত্ব প্ৰদান কৰা নাই।
  • তেওঁ বিপিএফৰ দালাল হিচাপে কাম কৰি আছে।
  • প্ৰাক্তন এনডিএফবি কেডাৰসকলৰ পুনৰ সংস্থাপন তথা গোচৰসমূহ প্ৰত্যাহাৰৰ বিষয়টো সদ্য স্বাক্ষৰিত বিটিআৰ চুক্তিখনত উল্লেখ আছে।
  • কিন্তু চুক্তি স্বাক্ষৰকাৰী হিচাপে চৰকাৰ-প্ৰাক্তন এনডিএবিৰ মাজৰ বৈঠকত ম‌ই উপস্থিত নাথাকিলে সমস্যাটো সমাধান নহয়।
  • গোবিন্দ বসুমতাৰীয়ে কয়- একাংশ বিপিএফৰ ওচৰত বিক্ৰী যোৱা নেতাৰ বাবেই এই সমন্বয়ৰক্ষী সমিতি গঠন হৈছে।
  • এনডিএফবি সমস্যা সমাধানৰ আলোচনাত মন্ত্ৰী চন্দন ব্ৰহ্মৰ কোনো কাম নাই বুলিও বসুমতাৰীয়ে সাংবাদিকৰ সন্মুখত উল্লেখ কৰে।
  • এনডিএফবিৰ সমস্যা এনডিএফবিৰ লগত আলোচনা কৰিলেহে সমাধান হ'ব।
  • এই সভাত বিপিএফ নেতা চন্দন ব্ৰহ্মৰ কাম কি বুলি প্ৰশ্ন।
  • এনে সমন্বয়ৰক্ষী সমিতিৰ জৰিয়তে এনডিএফবিৰ সমস্যা সমাধান নহয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in