শেহতীয়া খবৰ
সীমাৰ ভাগ-বাটোৱাৰা  •  সীমাৰ ভাগ-বাটোৱাৰা  •  ৰঙাপৰাত আবকাৰী বিভাগৰ অভিযানত অৰুণাচলী সুৰাসহ এজনক আটক...  •  গোগামুখত পুৱাই উদ্ধাৰ সুগৰি পহুঃ সোৱণশিৰি বনাঞ্চলৰ পৰিৱৰ্তে কাজিৰঙাত কৰিব মুকলি...  •  গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত দুই হত্যাকাৰী...  •  সোণৰ খনিৰ বাবে বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকত বিস্ফোৰণঃ ১৭ জন নিহত ৬০ জন আহত...  •  মঙলদৈ প্ৰেছ ক্লাৱত ঐতিহাসিক পথৰুঘাট ৰণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন...  •  ৫০ বছৰীয়া হ'ল অৰুণাচলঃ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ...  •  প্ৰকৃতি সুৰক্ষা আৰু ৰক্ত দানৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে পদযাত্ৰাঃ টীয়কত উপস্থিত দৰংৰ যুৱক...  •  নতুন সংসদ ভৱন নিৰ্মাণ ব্যয় ২৯ শতাংশ বৃদ্ধিঃ ৯৭১ কোটিৰ পৰা ১,২৫০ কোটিলৈ বৃদ্ধি কৰা হ'ল নিৰ্মাণ ব্যয়....

আজিৰ দিনটোৰ ৰাশিফল…

মেষঃ মেষ ৰাশিৰ আজি শৰীৰৰ বাবে অশুভ কাৰক যদিও আবেলিৰ পৰা শুভ হ’ব। কোনো আনাহূত খবৰে মনত দুখ-অশান্তি দিব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত সুখদায়ক হ’ব। শিক্ষাৰ্থীৰ মনৰ উৎসাহ বাঢ়িব। সাহিত্যিক, খেলুৱৈ, শিল্পীৰ অশান্তিৰ মাজতো কিছু লাভ হ’ব পাৰে। ৰাজনীতিক, সংবাদসেৱী আৰু সমাজকৰ্মী উৎসাহিত হ’ব। বাণিজ্য, কৰ্ম আৰু আৰ্থিক ক্ষেত্ৰত সামান্যউন্নতি হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক হ’ব।

বৃষঃ বৃষ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত অশান্তি কাৰক হ’ব পাৰে। মানসিক দুৰ্ভাৱনাও বৃদ্ধি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিক দিশত শুভ হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীয়ে কৰ্মৰ যোগে বিশেষ লাভৱান হ’ব। শিক্ষাৰ্থীৰ মনৰ উৎকণ্ঠা বৃদ্ধি পাব। সাহিত্যিক, খেলুৱৈ, শিল্পীৰ দুশ্চিন্তাৰ মাজতো কিছু শুভ কাৰক হ’ব। আৰ্থিক, বাণিজ্য আৰু কৰ্মত অলপ উন্নত হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো কিছু শুভ কাৰক হ’ব।

মিথুনঃ মিথুন ৰাশিৰ আজি শৰীৰৰ শুভ কাৰক যদিও মানসিক চিন্তা-ভাৱনাও বৃদ্ধি পাব পাৰে। প্ৰেম-প্ৰীতি আৰু সাংসৰিক ক্ষেত্ৰত শুভ। বিদ্যাৰ্থীৰ উৎসাহ বাঢ়িব যদিও শংকাও থাকিব। শিল্পী-সাহিত্যিকৰ নিৰাশাৰ মাজতো কিছু শুভ খবৰ লাভৰ যোগ। ৰাজনীতিক, সমাজকৰ্মী আৰু সংবাদকৰ্মীৰ সুনাম লাভ। কৰ্ম, আৰ্থিক আৰু বাণিজ্যত বাধাৰ মাজতো কিছু উন্নতি হ’ব। সংখ্যাতত্ত্ব ফালৰ পৰা আজিৰ দিনটো অশান্তি কাৰক হ’ব।

কৰ্কটঃ কৰ্কট ৰাশিৰ আজি আগবেলাটো শাৰীৰিক ক্ষেত্ৰত সুস্থতাৰ যোগ যদিও আবেলিৰ পৰা শুভ কাৰক। মনৰো সুখ-শান্তি অটুট থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক বিশেষ শুভ কৰাক নহয়। শিক্ষাৰ্থীৰ নতুন উচ্চ পৰিকল্পনাৰ যোগ। শিল্পী, সাহিত্যিকৰ আৰ্থিক সমস্যা আৰু চিন্তাৰ মাজতো উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনৈতিক নেতা আৰু সমাজকৰ্মীৰ বিষাদগ্ৰস্ত হ’ব। আৰ্থিক, বাণিজ্য আৰপ কৰ্মত কিছু উন্নতি হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক হ’ব।

সিংহঃ সিংহ ৰাশিৰআজি শৰীৰৰ সুস্থতাৰ যোগ। আবেলিৰ পৰা মনত দুশ্চিন্তা আৰু হতাশ ভাব আহিব। প্ৰেম আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ উন্নতি কাৰক যোগাযোগ হ’ব। শিল্পী, সাহিত্যিক আৰু সংবাদকৰ্মীৰ কিছু পৰিমাণে উৎসাহ বৃদ্ধি পাব। ৰাজনীতিকৰ সফলতাৰ যোগ। আৰ্থিক, বণিজ্য আৰু কৰ্মক্ষেত্ৰত অলপ শুভ ফল পাব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভাশুভ মধ্যম কাৰক হ’ব।

কন্যাঃ কন্যা ৰাশিৰ আজি শৰীৰৰ সুস্থতাৰ যোগ। আবেলিৰ পৰা মনত দুশ্চিন্তা আৰু হতাশ ভাব আহিব। প্ৰেম- আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ উন্নতি কাৰক যোগাযোগ হ’ব। শিল্পী, সাহিত্যিক আৰু সংবাদ কৰ্মীৰ কিছু পৰিমাণে উৎসাহ বৃদ্ধি পাব। ৰাজনীতিকৰ সফলতাৰ যোগ। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত অলপ শুভ ফল পাব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভাশুভ মধ্যম কাৰক হ’ব।

তুলাঃ তুলা ৰাশিৰ আজি আবেলিৰ পৰা শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক। মনৰো উৎসাহ বাঢ়িব। পৰিয়ালৰ আভ্যন্তৰীণ অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতিত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব। সাহিত্যিক, শিল্পীয়ে অশান্তি সত্ত্বেও উন্নতিমূলক কাম-কাজত নিয়োজিত হ’ব। ৰাজনীতি, সমাজসেৱাৰ লগত জড়িতসকলৰ সফলতা লাভৰ যোগ। বাণিজ্য, কৰ্ম, আৰু আৰ্থিকত সামান্য লাভৱান হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো কিছু শুভ কাৰক হ’ব।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজি আবেলিৰ পৰা শাৰীৰিক ক্ষেত্ৰত কিছু অশান্তি হ’ব পাৰে। মানসিকভাৱেও বিষাদগ্ৰস্ত হ’ব। প্ৰেম-প্ৰীতি আৰু সাংসৰিকত অবিশ্বাস বাঢ়িব। শিক্ষাৰ্থীয়ে আশা কৰামতে সফল নহ’ব পাৰে। সাহিত্যিক আৰু শিল্পীৰ অশান্তিৰ মাজতো উন্নতিমূলক খবৰ লাভৰ যোগ। ৰাজনীতি আৰু সমাজকৰ্মৰ লগত জড়িতসকলৰ উন্নতি হ’ব। বাণিজ্য, কৰ্ম আৰু আৰ্থিকত বাধা সত্ত্বেও কিছু শুভ কাৰক। সংক্যাতত্ত্বৰ ফালৰ পৰা অশুভ কাৰক দিন।

ধনুঃ ধনু ৰাশিৰ আজি শাৰীৰিক আৰু মানসিক সুস্থতা ঠিকেই থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ উৎসাহজনক যদিও চিন্তা বাঢ়িব। সাহিত্য, সংস্কৃতিৰে জড়িত লোকৰ অশান্তিৰ মাজতো কিছু উৎসাহিত হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ মানসিকঅশান্তিৰ যোগ। আৰ্থিক, কৰ্ম আৰু বাণিজ্যত অলপ লাভ বৃদ্ধি হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভাশুভ মিশ্ৰিত ফল লাভৰ কাৰক।

মকৰঃ মকৰ ৰাশিৰ আজি শাৰীৰিক ক্ষেত্ৰত সমান্য আঘাত হ’ব পাৰে যদিও আবেলিৰ পৰা শুভ কাৰক। মানসিক ক্ষেত্ৰত শুভ কাৰক। প্ৰেম-পাৰিবাৰিকত অতি শুভ কাৰক। সাহিত্য, সংস্কৃতিৰে জড়িতসকলে হতাশাৰ মাজতো কিছু লাভৱান হ’ব। বিদ্যাৰ্থীৰ মনৰ আশা সফল হ’ব। আৰ্থিক, ব্যৱসায় আৰু কৰ্মত বাধা সত্ত্বেও কিছু উন্নতি হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ হ’ব।

কুম্ভঃ কুম্ভ ৰাশিৰ আজি আগবেলাটো শৰীৰৰ শুভ কাৰক। আবেলিৰ পৰা অশান্তি বাঢ়িব পাৰে। মানসিক অশান্তি বৃদ্ধি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু সাংসৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ অশান্তি বৃদ্ধি হ’ব পাৰে। সাহিত্য-সংস্কৃতিৰে যুক্তসকলৰ নিৰাশাৰ মাজতো কিছু উৎসাহিত হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ হতাশা বাঢ়িব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু শুভ কাৰক হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ কাৰক হ’ব।

মীনঃ মীন ৰাশিৰ আজি আগবেলাটো শাৰীৰিক ক্ষেত্ৰত সুস্থতাৰ কাৰক। আবেলিৰ পৰা অলপ অশান্তি হ’ব পাৰে। পৰিয়ালৰ আভ্যন্তৰীণ মানসিক অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতিত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত অলপ অশান্তিৰ সৃষ্টি কৰিব। আহিত্যিক, শিল্পীৰ মনত কিছু উৎসাহ বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিক দিশত অলপ উন্নত হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক হ’ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি