আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

শুভমস্ত, শকাব্দ ১৯৪৩, ভাস্কৰাব্দ ১৪২৮,202, খ্ৰীষ্টাব্দ ২০২১, হিজৰী ১৪৪৩৷৷ আজি ৩ আঘোণ (দৃক ৪ আঘোণ), ২০ নৱেম্বৰ, ১৪ ৰবিয়চ চানি, শনিবাৰ।। গুৱাহাটীত সূর্যোদয় পুৱা ৫/৪৭/০৬ বজাত। সূর্যাস্ত আবেলি ৪/২৫/৫১ বজাত।। সূর্যোদয়কালীন কৃষ্ণ প্রতিপদ তিথি (দিনৰ ৩:১২ বজালৈ) ।। ৪ নং ৰোহিণী নক্ষত্র (দিন+ৰাতি)।। বৃষ ৰাশি। শিব যোগ, কৌলবকৰণ।। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো মঙল গ্ৰহৰ অশুভ কাৰক দিন।।

মেষঃ মেষ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত কিছু অসুস্থতাৰ যোগ। পৰিয়ালৰ আভ্যন্তৰীণ বুজাবুজিৰ অভাৱত মানসিক অশান্তি হ'ব। প্রেম-প্রীতিত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উন্নতিৰ যোগ। সাহিত্য-সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ আৰ্থিক উন্নয়নত বাধা থাকিব। বাণিজ্য, আর্থিক আৰু কৰ্মক্ষেত্র শুভ কাৰক হ'ব। সংখ্যাতত্ত্ব মতে অতি শুভ কাৰক।

বৃষ: বৃষ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ শুভ কাৰক। ঘৰুৱা অশাস্তিয়ে মানসিক অস্থিৰতা বঢ়াব পাৰে। প্রেম-প্রীতিত কিছু অশান্তি হ'ব পাৰে। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত শুভ, কাৰক। শিল্পী, সাহিত্যিক, সমাজকর্মী আৰু সংবাদকৰ্মীৰ উন্নতি কাৰক। আর্থিকত অভাৱ থাকিব, কৰ্ম আৰু বাণিজ্যত কিছু উপার্জন বাঢ়িব। সংখ্যাতত্ত্ব মতে মিশ্রিত কাৰক।

মিথুন: মিথুন ৰাশিৰ আজিৰ দিনটো শাৰীৰিক সুস্থতাৰ যোগ। মানসিক দিশত অলপ চিন্তা হ'ব। প্ৰেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্ৰত চিন্তা-ভাবনা বঢ়াৰ যোগ। ক্রীড়া, সাহিত্য-সংস্কৃতিৰে যুক্তসকলে কিছু কষ্ট ভুগিব। ৰাজনীতিক, সমাজকৰ্মী আৰু সংবাদকৰ্মীৰ শুভ যদিও ব্যস্ততা বৃদ্ধিৰ যোগ। কৰ্ম আৰু বাণিজ্যত কিছু শুভ কাৰক যদিও আর্থিক নাটনি হ'ব। সংখ্যাতত্ত্ব মতে অশুভ কাৰক।

কৰ্কট: কৰ্কট ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সুস্থতা থাকিব। মনৰ অশান্তি কিছু বাঢ়িব পাৰে। প্ৰেম-প্রীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ মনৰ উৎসাহ-উদ্দীপনা বাঢ়িব। সাহিত্য সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ আৰ্থিক নাটনিত অশান্তি হ'ব। ৰাজনীতি আৰু সমাজসেৱাত জড়িতসকলৰ ব্যস্ততা বাঢ়িব। সংখ্যাতত্ত্ব মতে অশান্তিদায়ক।

সিংহ: সিংহ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভাশুভ মিশ্রিত কাৰক হ'ব। প্ৰেম-প্ৰীতি আৰু সাংসাৰিকত সুখ-শান্তি থাকিব। শিক্ষাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত উৎসাহিত হ'ব। ক্রীড়া, সাহিত্য সংস্কৃতিত যুক্তসকলৰ পৰিশ্ৰম বৃদ্ধি কাৰক। সমাজকর্মী আৰু ৰাজনীতিকৰ কৰ্মত কিছু স্থবিৰতাৰ যোগ। সংখ্যাতত্ত্ব মতে শান্তিদায়ক।

কন্যাঃ কন্যা ৰাশিৰ আজিৰ দিনটো শাৰীৰিক সুস্থতা থাকিব। মানসিক অশান্তি হ'ব পাৰে। শিক্ষাৰ্থীৰ নতুনকৈ চিন্তা-ভাবনা বৃদ্ধি পাব। সাহিত্য, ক্রীড়া সংস্কৃতিৰে যুক্তসকলৰ নতুন উন্নতিমূলক কৰ্মত নিয়োজিত হ'ব পাৰে। প্ৰেম-প্ৰীতি আৰু দাম্পত্যত শুভ কাৰক। আর্থিকত অভাৱ থাকিব। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু উন্নতি কাৰক। সংখ্যাতত্ত্ব মতে অশান্তিদায়ক।

তুলা: তুলা ৰাশিৰ আজিৰ দিনটো শাৰীৰিক শুভাশুভ মিশ্ৰিত কাৰক। মনৰ উৎসাহ বাঢ়িব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত অশান্তি হ'ব পাৰে। শিক্ষাৰ্থীৰ মানসিকতা সুদৃঢ় হোৱাৰ যোগ। শিল্পী, সাহিত্যিক, ক্রীড়াবিদ, সংবাদকর্মীৰ উন্নয়নৰ যোগ। আর্থিক নাটনি হ'ব যদিও বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি কাৰক। সংখ্যাতত্ত্ব মতে শুভদায়ক।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ। পৰিয়ালত অশান্তি আৰু দুশ্চিন্তা হ'ব পাৰে। প্রেম-প্রীতিত চিন্তাৰ যোগ শিক্ষার্থীৰ মনৰ অসন্তুষ্টি থাকিব। শিল্পী-সাহিত্যিকৰ নতুনকৈ চিন্তা বৃদ্ধি পাব। ৰাজনীতি আৰু সমাজকৰ্মত যুক্তসকলৰো শুভ কাৰক। আর্থিক দিশত মধ্যমীয়া। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু উন্নত হ'ব। সংখ্যাতত্ত্ব মতে অশুভ কাৰক।

ধনু: ধনু ৰাশিৰ আজিৰ দিনটো শাৰীৰিক সুস্থতাৰ যোগ। আত্মীয়ৰ বাবে মানসিক অশান্তি হ'ব পাৰে। শিক্ষার্থীৰ উচ্চ শিক্ষা ক্ষেত্ৰত সফলতা লাভ। শিল্পী, সাহিত্যিক, খেলুৱৈৰ উন্নতি সাধন হ'ব। ৰাজনীতিকৰ লাভৰ যোগ। বুদ্ধিজীবী, সমাজকর্মী অশান্তি হ'ব। কৰ্ম আৰু বাণিজ্যত কিছু শুভ হ'ব যদিও আর্থিক দিশত অশুভ। সংখ্যাতত্ত্ব মতে শুভ ফল লাভ।

মকৰ: মকৰ ৰাশিৰ আজি শৰীৰত বিষজ ৰোগ হ'ব পাৰে। মানসিক প্ৰেম-প্রীতি আৰু পাৰিবাৰিকত সুখ-শান্তিৰ কাৰক। শিক্ষার্থী মনৰ উৎকণ্ঠা আৰু সন্দেহ বাঢ়িব। সাহিত্য-সংস্কৃতিত যুক্তসকলৰো সফলতাত যথেষ্ট বাধাই দেখা দিব। কর্মক্ষেত্র বাণিজ্য আৰু আর্থিক দিশত কিছু লাভৱান হ'ব। সংখ্যাত মতে অশুভ কাৰক।

কুম্ভ: কুম্ভ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ। মানসিক প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ অধ্যয়ন ক্ষেত্ৰত দুশ্চিন্তা হ'ব। সাহিত্য- সংস্কৃতি, ক্রীড়াৰ লগত জড়িতসকলৰ উন্নতি কাৰক। আর্থিক ক্ষেত্ৰত চিন্তা বাঢ়িব কর্মক্ষেত্ৰ আৰু বাণিজ্যত অলপ লাভৱান হ'ব। সংখ্যাতত্ত্ব মতে অশান্তি কাৰক।

মীন: মীন ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অসুস্থতাৰ যোগ। মন অস্থিৰতাও বৃদ্ধি হ'ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত কিছু শুভ কাৰক। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত সুযোগ লাভজ যোগ। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ মনলৈ নতুন উদ্ভাবনীমূলক চিন্তা আহিব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতাৰ যোগ কৰ্ম আৰু বাণিজ্যত সামান্য লাভ হ'ব পাৰে। আৰ্থিকত অশান্তি থাকিব। সংখ্যাতত্ত্ব মতে মিশ্রিত কাৰক।

অসমৰ আজিৰ দিনটোঃ (অসমৰ কাৰক ৰাশি কৰ্কট) : আজিৰ দিনটোও আমাৰ ৰাজ্যৰ ৰাশ্যাধিপতি চন্দ্ৰ বৃষ ৰাশিত আছে। দশমত বৃহস্পতি বাবে ৰাজ্যখনৰ আভ্যন্তৰীণ শান্তি আৰু কৰ্মক্ষেত্ৰত কিছু উন্নতিৰ যোগ ৰবিযুক্ত কেতু সপ্তমত থকা বাবে মুখ্যমন্ত্ৰীৰ স'তে আন মন্ত্ৰীৰ মতানৈক হ'ব। ৰাশ্যাধিপতি চন্দ্ৰৰ লগত ৰাহু থকাত জনসাধাৰণৰ অশান্তি, ৰোগ ৰিষ্ট বৃদ্ধি হৈ থাকিব। নৱমত শনিৰ বাবে ৰাজ্যৰ উন্নয়নত বাধাপ্রাপ্ত বিশেষ সম্পদ হানি আৰু ক্ষতিকাৰক হ'ব। গোচৰ ফলমতে প্ৰায়বোৰ গ্ৰহ অতি অশুভ অৱস্থানত থকা বাবে ৰাজ্যবাসীৰ বাবে বিশেষ অশান্তিকত হ'ব পাৰে। ৰাজ্যত মহামাৰী কোভিড ৰোগৰ সংক্ৰমণ আৰু মৃত্যুৰ সংখ্য প্রায় একেই থাকিব। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো মঙল গ্রহণ কাৰক দিন হিচাপে অশান্তিদায়ক হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in