হৰিশিঙাত নদীত উটি যোৱা ২ ছাত্ৰৰ ১ জনৰ মৃতদেহ উদ্ধাৰ…VIDEO

হৰিশিঙাত নদীত উটি যোৱা ২ ছাত্ৰৰ ১ জনৰ মৃতদেহ উদ্ধাৰ…VIDEO

ডিজিটেল সংবাদ ,হৰিশিঙাঃ ওদালগুৰি জিলাৰ হৰিশিঙা থানাৰ অন্তৰ্গত কাহিবাৰীত মঙলবাৰে সংঘটিত হৈছিল এক শোকাৱহ দূৰ্ঘটনা। কাহিবাৰীত থকা ভোল্লা নদী পাৰ হ'বলৈ যাওতে নদীৰ সোঁতে উটুৱাই লৈ গৈছিল দুজনকৈ ছাত্ৰক।


উটি যোৱা ছাত্ৰ দুজনৰ এজনক আজি SDRF আৰু স্থানীয় ৰাইজে অভিযান চলাই বুধবাৰে দিনৰ প্ৰায় ১২ বজাত ডাইমণ্ড ইংলিছ স্কুলৰ নৱম শ্ৰেনীৰ ছাত্ৰ ফুংখা বসুমতাৰী ( ১৪) ক উত্তৰ কয়াবিলৰ ভোল্লানদীত মৃত অবস্থাত উদ্ধাৰ কৰে ।

মঙলবাৰে আবেলি ২.৩০ মান বজাত ছাত্ৰ দুজনে আন কেইজন মান বন্ধুৰ সৈতে নদীখন পাৰ হ'ব যাওতে উক্ত ঘটনাটি সংঘটিত হয় । উদ্ধাৰ হোৱা মৃতদেহটি মৰনোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in