হাতীৰ নহয় এইবাৰ হৰিণৰ ভয়ত টঙীঘৰত আশ্ৰয় মানুহৰ…

হাতীৰ নহয় এইবাৰ হৰিণৰ ভয়ত টঙীঘৰত আশ্ৰয় মানুহৰ…

ডিজিটেল ডেস্কঃ হাতীৰ নহয় এইবাৰ হৰিণৰ আক্ৰমণৰ ভয়ত ওখ ঠাইৰ টঙীঘৰত আশ্ৰয় ল'ব লগা হৈছে আতংকিত ৰাইজে। এই ঘটনা সংঘটিত হৈছে সদায় বন্যহস্তীৰ আক্ৰমণৰ বলি ভূটান পাহাৰৰ নামনি বাক্সাজিলাৰ শালবাৰীৰ জ্ঞাতবাৰী অঞ্চলত।

যোৱা সোমবাৰে এটা প্ৰকাণ্ড শৰ পহুৰ আক্ৰমণত ৭৫বছৰীয়া এগৰাকী বৃদ্ধৰ কৰুণ মৃত্যু ঘটাৰ পাছতে অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হয়। উল্লেখযোগ্য যে বীৰছা খাড়িয়া নামৰলোকজনক মানাহৰ অৰণ্যৰ পৰা ওলাই অহা শৰ পহুটোৱে শিঙেৰে খুঁচি খুঁচি থকা-সৰকা কৰি হত্যা কৰিছিল।ইফালে অৰণ্যৰ পৰা ওলাই অহা শৰ পহুটো শিঙেৰে খুঁচি মানুহজনক থকা-সৰকা কৰাৰ পিছতো শান্ত নহৈ অঞ্চলটোত ইঠাইৰ পৰা সিঠাইলৈ বিচৰণ কৰিছিল।

এই দৃশ্য দেখা আতংকিত বহুলোকে নিজৰ প্ৰাণ বচাবলৈ আনকি টঙীঘৰতো আশ্ৰয় লব লগা হৈছিল। এই খবৰ বন বিভাগ আৰু প্ৰশাসনৰ লোকে পোৱাৰ পিছত আজি বহু কষ্টেৰে উত্তেজিত পহুটোৰ ট্ৰাংকুলাইজ কৰি অচেতন কৰাৰ পিছতহে অঞ্চলটোৰ ৰাইজৰ মনৰ পৰা সাময়িকভাৱে আতংক নোহোৱা হয়।

উল্লেখ কৰা প্ৰয়োজন যে, এনেদৰে শৰ পহুৰ শিঙৰ খোঁচত মানুহৰ মৃত্যু হোৱাৰ ঘটনা অসমত এইটোৱে প্ৰথম। সাধাৰণতে ভূটান-অৰুণাচল, মেঘালয়ৰ নামনিৰ লগতে কাজিৰঙাৰ দাতিঁকাষৰীয়া অঞ্চলত শৰ বা সুগৰি পহু গোপনে বধ কৰি ইয়াৰ মঙহ ভগাই খোৱা ঘটনাহে পোহৰলৈ আহিছিল।

বহুজনে অবৈধভাৱে পহু নিধন কৰা ঘটনাক লৈ জেলৰ ভাতো খাব লগা হৈছিল। আনহে নালাগে প্ৰখ্যাত অভিনয় তাৰকা চলমান খানে শৰ পহু হত্যা কৰা এক ঘটনাৰ গোচৰত দীৰ্ঘদিন কাৰাবন্দী হবলগীয়া হোৱাই নহয় প্ৰায় ২০বছৰে আইনী যুঁজ দি থাকিবলগীয়া হৈছে।

এনেসময়তে বিভিন্ন বন্যজন্তুৰ ভক্ষণ অথবা মানুহৰ আক্ৰমণৰ ভয়ত অনবৰতে ইঠাইৰ পৰা সিঠাইলৈ পলাই ফুৰা আৰু বন্য জন্তুকূলৰ সবাতোকৈ নিমাখিত এই পহুৰ সন্ত্ৰাসত এগৰাকী লোকে প্ৰাণ দিবলগীয়া হোৱাৰ উপৰি নিজৰ প্ৰাণ বচাবলৈ বহুলোকে অৰণ্যৰ সীমামূৰীয়া ঘৰত আশ্ৰয় ল'বলগীয়া হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আনহাতে সদায় বন্যপ্ৰাণীৰ নিধনত লিপ্ত সকলোৰে প্ৰতি যেন এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে। সকলো বন্যপ্ৰাণী যেন চোৰাং-চিকাৰী আৰু এচাম মানুহৰ উপৰি-যুৰ্পৰি আক্ৰমণৰ পিছত এইবাৰ ঐক্যৱদ্ধভাৱে যুঁজ দিবলৈ একত্ৰিত হৈছে। যি পৰিস্থিতিত নিমাষিত পহুৰ খোচঁত মৃত্যু হৈছে মানুহৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in