অনুৰাগীলৈ মুখ্যমন্ত্ৰীৰ আহ্বানঃ পৰিয়ালৰ লোকে কিছু সময় অকলশৰে বিচাৰিছে জুবিনৰ নশ্বৰদেহ...

অনুৰাগী সকলক কিছু ধৈৰ্য্য ধৰিবলৈ লগতে পৰিয়ালক আমনি নকৰি বাসগৃহত ভিৰ নকৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাসগৃহৰ পৰা সৰুসজাই ষ্টেডিয়ামলৈ লৈ যোৱা হ'ব জুবিন গাৰ্গৰ নশ্বৰদেহ।

author-image
Asomiya Pratidin
New Update
web ap zg

ডিজিটেল সংবাদ,গুৱাহাটীঃ আজি শেষ নিশালৈ অসম পাবহি প্ৰাণৰ শিল্পী গৰাকীৰ নশ্বৰদেহ। দিল্লীৰ পৰা বিশেষ বিমানযোগে গুৱাহাটীলৈ অনা হ’ব জুবিন গাৰ্গৰ নিথৰ দেহ। বিমান বন্দৰৰ পৰা পোনে পোনে কাহিলীপাৰাৰ বাসগৃহলৈ লৈ যোৱা হ'ব তেওঁৰ নশ্বৰদেহ।

উল্লেখ কৰা প্ৰয়োজন যে, পৰিয়ালে যিমান সময়লৈ বিচাৰে সিমান সময়লৈ পৰিয়ালৰ সৈতে থাকিব শিল্পী গৰাকীৰ নিথৰ দেহ। কাহিলীপাৰাস্থিত বাসগৃহত পৰিয়ালৰ লোকে কিছু সময় অকলশৰে বিচাৰিছে জুবিনৰ নশ্বৰদেহ।

সেই সময়ছোৱাত অনুৰাগী সকলক কিছু ধৈৰ্য্য ধৰিবলৈ লগতে পৰিয়ালক আমনি নকৰি বাসগৃহত ভিৰ নকৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাসগৃহৰ পৰা সৰুসজাই ষ্টেডিয়ামলৈ লৈ যোৱা হ'ব জুবিন গাৰ্গৰ নশ্বৰদেহ।

সৰুসজাইৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰিব বুলিও ইতিমধ্যে প্ৰশাসনে উল্লেখ কৰিছে। তাৰোপৰি দেওবাৰে ৰাষ্ট্ৰীয় ঘাইপথেৰে ট্ৰাক চলাচলৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে।

জুবিন গাৰ্গ