/asomiyapratidin/media/media_files/2025/09/22/remoodd-2025-09-22-09-32-48.jpg)
ডিজিটেল ডেস্কঃ জোনালীৰ সেই ঘৰখনত তেও যেতিয়া আছিল পুৱাৰে পৰাই ভিৰ লাগিছিল মানুহৰ। দেৰিকৈ শুই উঠে তেও, সেয়েহে তেওক লগ ধৰিবলৈ সেই ঘৰৰখনৰ আশে-পাশে ৰৈ থাকে বহুতে। ব্যস্ততা তথা ৰাতিপুৱাৰ পৰা গধুলিৰ লৈকে মানুহৰ ভিৰ নকমা ঘৰখন আজি উকা, নিতাল, নিস্তদ্ধ।
জুবিনৰ গাৰ্গৰ জোনালীৰ ঘৰখন তথা ষ্টুডিঅটোত আজি কাহ পৰি জীৰ্ণ হোৱা নিজান পৰিৱেশ। ঘৰটোৰ চাৰিওফালে থকা গছবোৰ, জুবিনে ৰোৱা ফুলবোৰ, জুবিনে বৰ হেপাহেৰে কিনা গাড়ী দুখন সকলো একে আছে, কিন্তু নাই কেৱল জুবিন। সেই জুবিন নাই বাবেই আজি জোনালীৰ সেই ঘৰখনত মৰিশালি যেন নীৰৱতা।
জুবিনক বিচাৰি পোহনীয়া কুকুৰকেইটা ইফাল-সিফাল কৰি আছে। সদায়েই আকুলতাৰে জুবিনে সিহতক যেনেকৈ মৰম কৰে, সেই মৰমৰ বাবে যেন ব্য়াকুল হৈ পৰিছে ৰেম্বো , টিয়া , ইকো আৰু মায়াই। ৰেম্বো আৰু ইকোৱে ঘৰটোৰ চুকে-কোণে বিচাৰি ফুৰিছে জুবিনক। কিন্তু জোনবাইৰ দেশত ইতিমধ্যে ঠিকনা কৰি লোৱা জুবিন যে উভতি নাহে কোনে বুজাব সিহতক।
মুঠৰ ওপৰত জুবিনৰ কাষত এফালে অগণন মানুহ আনফালে সদায়েই জুবিনে গান-মাতেৰে জীপাল কৰি ৰখা ঘৰখনত আজি থাকিবলৈ কোনো নাই। আছে মাথো জুবিনৰ স্মৃতি। সেই স্মৃতিকে যেন সোৱৰি চটফটাই ফুৰিছে ৰেম্বো আৰু ইকোৱে। সদায়েই জুবিনৰ গোন্ধ লৈ টোপনি যোৱা, খাদ্য খোৱা এই নিমাখিত প্ৰাণী কেইটাৰ কাষত আজি কোনো নাই।