/asomiyapratidin/media/media_files/2025/09/21/386-2025-09-21-01-41-12.jpg)
ডিজিটেল ডেস্ক : কাহিলীপাৰালৈ আজি আৰু ইচুজুত নাহে জুবিন গাৰ্গ। নাহে নতুনকৈ ক্ৰয় কৰা লেণ্ড ৰ’ভাৰত। অসমৰ ৰাজপথত চৰি ফুৰা সকলোৰে চিনাকি AS 01 EJ 9999 নম্বৰটিৰ সৈতে আৰু জুবিনক দেখা নাপায় ৰাইজে।
আজি জুবিন আহিব ৰজনীগন্ধা ফুলেৰে সজ্জিত এখন এম্বুলেঞ্চত। ইতিমধ্যে নিথৰ হৈ থকা জুবিন গাৰ্গক আনিবলৈ গোপীনাথ বৰদলৈ বিমান বন্দৰলৈ ৰাওনা হৈছে ফুলেৰে সজ্জিত এম্বুলেঞ্চখন।
দিল্লীৰ পৰা উৰা মাৰিছে ইতিমধ্যে তেওঁৰ নশ্বৰ দেহ কঢ়িয়াই অনা চাটাৰ্ড বিমানখন নতুন দিল্লীৰ পৰা উৰা মাৰিছে গুৱাহাটী অভিমুখে। সেই বিমানৰ পৰা তেওঁৰ নশ্বৰ দেহ উঠাই দিয়া হ’ব এই ফুল সজ্জিত গাড়ীত। তাৰ পৰা তেওঁক এই গাড়ীৰে লৈ অনা হ’ব কাহিলীপাৰাৰ প্ৰিয় ঘৰখনলৈ।