প’ষ্ট মেলনৰ কনচাৰ্ট নে জুবিনৰ মৃত্যুৰ চাৰ্জশ্বীট দাখিল

৩ কোটি ৫০ লাখ অসমীয়াৰ প্ৰশ্ন চাৰ্জশ্বীট দাখিলৰ দিনটোতেই কিয় আয়োজন কৰা হ'ল পপষ্টাৰ প’ষ্ট মেলনৰ কনচাৰ্ট। 

author-image
Asomiya Pratidin
New Update
AP WEB 1 (9)

ডিজিটেল ডেস্কঃ ৮ ডিচেম্বৰ, সেই দিনটোতে এফালে আছে আমেৰিকান পপষ্টাৰ প’ষ্ট মেলনৰ কনচাৰ্ট আনফালে SITয়ে জুবিনৰ মৃত্যুৰ শক্তিশালী চাৰ্জশ্বীট দাখিল কৰিব বুলি উল্লেখ কৰিছিল। এই গুৰুত্বপূৰ্ণ  দিনটোত অসমৰ পৰ্যটন উদ্যোগত পোন প্ৰথমবাৰৰ বাবে বিশ্ব বিখ্যাত আমেৰিকান পপষ্টাৰ প’ষ্ট মেলনৰ কনচাৰ্টৰ আয়োজন কৰা হৈছে। ইতিমধ্যে সকলো টিকট বিক্ৰীও হৈছে। তাৰ মাজতে ৩ কোটি ৫০ লাখ অসমীয়াৰ প্ৰশ্ন চাৰ্জশ্বীট দাখিলৰ দিনটোতেই কিয় আয়োজন কৰা হ'ল পপষ্টাৰ প’ষ্ট মেলনৰ কনচাৰ্ট।

Assamese singer Zubeen Garg's death ... 

প্ৰণিধানযোগ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে মন্তব্য কৰিছিল যে, ৮ ডিচেম্বৰতে জুবিনৰ মৃত্যুৰ শক্তিশালী চাৰ্জশ্বীট SITয়ে দাখিল কৰিব। এনে ক্ষেত্ৰত কিয় সেই দিনটো নিৰ্ধাৰণ কৰিলে?ইপিনে এই কনচাৰ্টৰ জৰিয়তে অসমৰ পযৰ্টন উদ্যোগত সংযোগ হ’ল কনচাৰ্ট পৰ্যটন। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত এই কনচাৰ্টৰ আয়োজন কৰা হৈছে। 

Rapper Post Malone To Perform In ...

তাৰোপৰি, আটাইতকৈ গুৰুত্বপূৰ্ণ  বিষয়টো হৈছে যে জুবিনৰ চাৰ্জশ্বীট দাখিল দিন একেই থাকিব নে সলনি কৰা হৈছে। সামাজিক মাধ্যত জুবিনৰ ন্যায়ৰ হৈ ডিজিটেল আন্দেলন চলি আছে । প্ৰতিগৰাকী অসমীয়াই এটাই বিচাৰিছে জুবিন গাৰ্গে ন্যায় পোৱাটো। সকলোৱে জানিব বিচাৰিছে প্ৰকৃত ঘটনা। 

Zubeen Garg: Assam's Cultural Maverick and Timeless Icon — The Chakkar

উল্লেখ্য় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে মন্তব্য কৰিছিল যে, জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট SITয়ে ১০ ডিচেম্বৰৰ ভিতৰত দাখিল কৰিব। ৮ ডিচেম্বৰত আমেৰিকান পপষ্টাৰ প’ষ্ট মেলনৰ কনচাৰ্ট থকাৰ বাবে সেই দিনটোত দাখিল নকৰে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট। ৯ ডিচেম্বৰত দাখিল কৰাৰ সম্ভাৱনা আছে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট। কিয়নো ১০ ডিচেম্বৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আহিব অসমলৈ।  সেইদিনটোতো জুবিনৰ মৃত্যুৰ চাৰ্জশ্বীট দাখিলৰ সম্ভাৱনা নাই। এতিয়া প্ৰশ্ন যে, সচাঁকৈ ৯ ডিচেম্বৰত দাখিল কৰিব নেকি জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট। 

জুবিন গাৰ্গ জুবিন