“চিৰদিন অমৰ হৈ থাকক জুবিন গাৰ্গ ! আত্মাই চিৰশান্তি লাভ কৰক”

BLO তফিজ উদ্দিনক ধন্যবাদ জনাই সামাজিক মাধ্যমৰ জৰিয়তে এই কথা শ্বেয়াৰ কৰিছে জুবিনৰ ভগ্নী পামি বৰঠাকুৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ সমগ্ৰ ৰাজ্যতে  চলি আছে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া। ইয়াৰ অধীনত BLO সকলে প্ৰত্যেক ঘৰে ঘৰে গৈ ভোটাৰ সকলৰ শেহতীয়া তথ্য সংগ্ৰহ কৰিছে। কায়িকভাৱে জুবিন নোহোৱা ৭৩ টা দিন পাৰ হ'ল। সকলো অপেক্ষাৰত জুবিনৰ ন্যায়ৰ বাবে। ইপিনে জুবিন গাৰ্গৰ পৰিয়ালৰ তথ্য সংগ্ৰহৰ বাবে জুবিন গাৰ্গৰ ঘৰলৈ গৈছিল BLO তফিজ উদ্দিন। তফিজে প্ৰত্যেকজন সদস্যৰ তথ্য সংগ্ৰহ কৰিলে। 

WhatsApp Image 2025-12-02 at 7.35.29 AM

উল্লেখ্য যে, নিয়ম অনুসৰি মৃত্যু হোৱাৰ বাবে প্ৰাণৰ  শিল্পী জুবিন গাৰ্গৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে। কিন্তু থমকি ৰ’ল BLO তফিজ উদ্দিন। কেনেদৰে চিৰদিনৰ বাবে জুবিন নাম কৰ্তন কৰিব ভোটাৰ তালিকাৰ পৰা।নিজৰ দায়িত্ব পালন কৰি BLO তফিজ উদ্দিনে ভোটাৰ তালিকাত জুবিন গাৰ্গৰ নামৰ ওপৰত লিখিলে, “চিৰদিন অমৰ হৈ থাকক,আত্মাই চিৰশান্তি লাভ কৰক।” 

WhatsApp Image 2025-12-02 at 7.39.59 AM

তাৰোপৰি, BLO তফিজ উদ্দিনক ধন্যবাদ জনাই এই কথা সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰিছে জুবিনৰ ভগ্নী পামি বৰঠাকুৰে।

WhatsApp Image 2025-12-02 at 7.40.20 AM

জুবিন গাৰ্গ জুবিন