দোষীক গ্ৰেপ্তাৰৰ দাবী, এছ আই টিৰ অভিযান, সৎকাৰ স্থলীত প্ৰাৰ্থনা আৰু গৰিমা গাৰ্গক সমবেদনা জনোৱা লোকৰ সোঁত অব্যাহত...

ছিংগাপুৰত জুবিনৰ ৰহস্যজনক মৃত্যুকাণ্ডৰ সৈতে নাম সাঙোৰ খোৱা সকলৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ, এছ আই টিৰ অভিযান চলি থকাৰ সমান্তৰালভাৱে তেওৰ শেষকৃত্যস্থলীৰ শোকস্তদ্ধ ৰাইজে নাম-প্ৰসংগও অব্যাহত

author-image
Asomiya Pratidin
New Update
rffff

ডিজিটেল ডেস্কঃ ছিংগাপুৰত জুবিনৰ ৰহস্যজনক মৃত্যুকাণ্ডৰ সৈতে নাম সাঙোৰ খোৱা সকলৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ, এছ আই টিৰ অভিযান চলি থকাৰ সমান্তৰালভাৱে তেওৰ শেষকৃত্যস্থলীৰ শোকস্তদ্ধ ৰাইজে নাম-প্ৰসংগও অব্যাহত ৰাখিছে। এই সকলোবোৰৰ সমান্তৰালভাৱে কাহিলীপাৰাস্থিত জুবিনৰ বাসগৃহলৈ শোকসন্তপ্ত পৰিয়ালটোক সান্তনা দিবলৈ যোৱাৰ লোকৰ সোত অব্যাহত আছে।

সাধাৰণ শ্ৰেণীৰ লোকৰ পৰা দল-সংগঠনৰ মুৰব্বী, সংবাদিক-সংবাদকৰ্মীৰ লগতে ভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত বহু জনে জুবিন মৃত্যু হোৱা ষষ্ঠ দিনাও কাহিলীপাৰা বাসভৱনলৈ গৈ গৰিমা গাৰ্গৰ লগতে তেওৰ পিতৃক সাক্ষাত কৰে। ইয়াৰ মাজতে বৃহস্পতিবাৰৰ দিনটোত সাদিন প্ৰতিদিন গোষ্ঠীৰ এটা প্ৰতিনিধিৰ  দলে কাহিলীপাৰাস্থিত বাসভৱনত উপস্থিত হৈ জুবিনৰ পৰিয়ালটোৰ দুখৰ সমভাগী হোৱাৰ লগতে গৰিমা গাৰ্গক সমবেদনা জ্ঞাপন কৰে।

জুবিন গাৰ্গৰ সৃষ্টিৰাজিক ভৱিষ্যত প্ৰজন্মলৈ সংৰক্ষিত কৰাৰ পোষকতা কৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ এই দলটোৱে। উল্লেখ্য যে, বৃহস্পতিবাৰৰ দিনটোত আছুৰ মুখ্য উপদেষ্টা, সভাপতি-সম্পাদককে ধৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াকে ধৰি বহু গণ্যমাণ্য ব্যক্তিয়ে জুবিনৰ বাসভৱনত উপস্থিত হৈ গৰিমাৰ লগতে তেওৰ পিতৃক সান্তনা দিয়ে। 

জুবিন গাৰ্গ