কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত এবছুৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি আৰু প্ৰতিবাদী কাৰ্যসূচী..

জুবিন গাৰ্গ হত্যাকাণ্ডৰ ন্যায় প্ৰদানৰ দাবীত আজি এবছুৰ বড়োলেণ্ড বিশ্ববিদ্যালয় গোটৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে সমান্তৰালভাৱে শ্ৰদ্ধাঞ্জলী অনুষ্ঠানো ৰূপায়ন কৰা হয় ।

author-image
Asomiya Pratidin
New Update
ddddddddd

ডিজিটেল সংবাদ, কোকৰঝাৰ, ১৭অক্টোবৰঃ   জুবিন গাৰ্গ হত্যাকাণ্ডৰ ন্যায় প্ৰদানৰ দাবীত আজি এবছুৰ বড়োলেণ্ড বিশ্ববিদ্যালয় গোটৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে সমান্তৰালভাৱে শ্ৰদ্ধাঞ্জলী অনুষ্ঠানো ৰূপায়ন কৰা হয় ।

আজি সন্ধিয়া বড়োলেণ্ড বিশ্ববিদ্যালয়ত এবছুৰ বড়োলেণ্ড বিশ্ববিদ্যালয় গোটৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত এবছুৰ সভাপতি দ্বীপেন বড়ো,  উপ সভাপতি খৌৰৌমদাও ওৱাৰী,  সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰী , বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বি এল আহুজা , আছুৰ উপ সভাপতি নৱজ্যোতি ৰায় আৰু বিশ্ববিদ্যালয়খনৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰে ।

অনুষ্ঠানত অংশ লোৱা ছাত্ৰ-ছাত্ৰী তথা দল -সংগঠনৰ নেৰ্তৃবৰ্গই জুবিন গাৰ্গ হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত ব্যাপক শ্লোগান নিক্ষেপ কৰে। আমাক ন্যায় লাগিবই , ন' জাষ্টিচ ন' ৰেষ্ট আদি ইত্যাদি শ্লোগানেৰে বড়োলেণ্ড চৌহদ মুখৰিত কৰে অংশগ্ৰহণকাৰীসকলে । তদুপৰি অনুষ্ঠানত অংশ হোৱা সকলোৱে হাতে হাতে মমবাতি লৈ মায়াবিনী ৰাতিৰ বুকু …গীতটি গাই আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলেনেৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

ইপিনে অনুষ্ঠানৰ অন্তত এবছুৰ সভাপতি দ্বীপেন বড়োৱে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায় প্ৰদানৰ দাবীত অবিৰতভাৱে অহিংসা আন্দোলন চলিব আৰু এই আন্দোলন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰাই আৰম্ভ হ'ল বুলি ঘোষণা কৰে। জুবিন গাৰ্গক কিয় হত্যা কৰা হ'ল , কোনে হত্যা কৰিলে তাৰ বাবে পানী নসৰকা তদন্তৰ দাবী জনাই এবছুৱে জুবিন গাৰ্গ হত্যাৰ চিবিআই তদন্ত দাবী উত্থাপন কৰিছে।

জুবিন গাৰ্গৰ বিষয়টো অসমবাসীৰ লগতে সমগ্ৰ বিশ্ববাসী চাই আছে বুলি মন্তব্য কৰি প্ৰায় এমাহ উকলিবৰ সময়ত ৰাইজে তদন্তৰ অগ্ৰগতি জানিব বিচাৰিছে। অতি ক্ষীপ্ৰতাৰে তদন্তৰ দাবী জনাই চিংগাপুৰত গৈও পুংখানুপুংখু তদন্ত কৰিবলৈ দাবী জনাইছে দ্বীপেন বড়োৱে।

জুবিন গাৰ্গ ভগৱানস্বৰূপ আছিল বুলি অভিহিত কৰা হৈছে আৰু সকলো জাতি-জনগোষ্ঠীক প্ৰেৰণা জগোৱা জুবিন গাৰ্গৰ অকাল মৃত্যুত অসমে অভিভাৱক হেৰুৱালে আৰু আমি নিঠৰুৱা হৈছো বুলি মন্তব্য কৰি জুবিন গাৰ্গ সন্দৰ্ভত প্ৰতিটো প্ৰশ্নৰ উত্তৰ চৰকাৰে দিবই লাগিব আৰু এই সন্দৰ্ভত সকলোৱে চৰকাৰৰ ওপৰত নজৰ ৰাখি আছে বুলি মন্তব্য কৰিছে দ্বীপেন বড়োৱে।                

তদুপৰি শ্যামকানুহতক বাগছাৰ জেলত অনাৰ সময়ত সংঘটিত হোৱাটো ঘটনা দূৰ্ভাগ্যজনক আখ্যা দি দ্বীপেন বড়োৱে কয় যে বড়োলেণ্ড শান্তিপুৰ্ণ আছিল, অসম চৰকাৰৰ ভুল নীতিৰ বাবেই অবাঞ্চিত ঘটনা সংঘটিত হ'ল বুলি মন্তব্য কৰি অসম চৰকাৰ বিফল হৈছে বুলিও মত প্ৰকাশ কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে । 

জুবিন গাৰ্গ