দলিয়াই দিলে সকলো! সোণাপুৰৰ জুবিনৰ জিৰণি স্থলীত কোনে চলালে তাণ্ডৱ....

সোণাপুৰত জুবিন গাৰ্গে জিৰণি লোৱা সেই শিলটো উভালি কোনে দিছিল দলিয়াই? জুবিন গাৰ্গ মৃত্যুৰ পাছতে মাটিক পুতি থোৱা শিলচটাক ধূপ-চাকিৰে পূজা কৰিবলৈ লৈছিল অনুৰাগীসকলে। দিন-ৰাতিয়ে উক্ত শিলচটাৰ সন্মুখত জ্বলি আছিল এগছি চাকি।

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ সোণাপুৰত জুবিন গাৰ্গে জিৰণি লোৱা সেই শিলটো উভালি কোনে দিছিল দলিয়াই? জুবিন গাৰ্গ মৃত্যুৰ পাছতে মাটিক পুতি থোৱা শিলচটাক ধূপ-চাকিৰে পূজা কৰিবলৈ লৈছিল অনুৰাগীসকলে। দিন-ৰাতিয়ে উক্ত শিলচটাৰ সন্মুখত জ্বলি আছিল এগছি চাকি।

87ad26c6-a544-4b08-9bac-fd84fc20b3a3

কিন্তু যোৱা দুদিনৰ পূৰ্বে সেই শিলচটাক উক্ত স্থানৰ পৰা উভালি দলিয়াই দিয়ে কোনো লোকে। কেৱল দলিয়াই দিয়াই নহয়, অনুৰাগীসকলে উপহাৰ দিয়া গামোচাবোৰকো যেনি-তেনি দলিয়াই দিয়ে। এই ঘটনা সামাজিক মাধ্যমত বতাহৰ গতিত বিয়পি পৰাৰ লগে লগে সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

98624189-8caf-478f-9ddd-7fb46be61553

স্থানীয় লোকে জনোৱা অনুসৰি, নন্দন মাষ্টৰ নামৰ এগৰাকী লোকৰ দখলত আছে উক্ত ভূমিখিনি। তেৱেই সেই শিলচটা উভালি পেলোৱাৰ লগতে উক্ত স্থানত 'প্ৰাইভেট পপাৰেটী'ৰ ফলক আৰিছে বুলি অভিযোগ কৰিছে ৰাইজে। অৱশ্যে এতিয়া পুনৰ একাংশ ৰাইজে উভালি দলিয়াই দিয়া শিলচটা স্থাপন কৰিছে উক্ত স্থানত।

1b39f327-c9dd-4834-842f-e8615a47f26f

উল্লেখ কৰা প্ৰয়োজন যে, আজিৰ পৰা প্ৰায় ১২বছৰৰ পূৰ্বে অনুষ্ঠান কৰি আহি ভাগৰি পৰা জুবিনে সোণাপুৰৰ উক্ত শিলটোত আওঁজি জিৰণি লৈছিল।  ১২ বছৰ পূৰ্বে বিখ্যাত ফটোগ্ৰাফাৰ ছামচুল হুদা পাটগিৰিৰ কেমেৰাৰ লেন্সত ধৰা দিয়া সেই ফটোখন সামাজিক মাধ্যমত বহুলভাৱে চৰ্চিত হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে।

bc696bbc-7bad-43e0-9f0d-6dcd7208364f

জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হোৱা কিছু নিলগতে আছে এই স্থান। জুবিন ক্ষেত্ৰলৈ যোৱা প্ৰায় প্ৰতিগৰাকী লোকেই এই স্থানটো এপাক সোমাই সেৱা জনাই আহে। পবিত্ৰ স্থানলৈ ৰূপান্তৰিত হোৱা এই ভূমি নিজৰ হাতৰ পৰা হেৰুওৱাৰ ভয়তে হয়তো গৰাকীয়ে এনে কাম কৰিছিল বুলিও একাংশই ক'ব খোজে। 

জুবিন গাৰ্গ