শুৱালকুছিত এজন যুৱকে জুবিনৰ সৈতে ভাইৰেল কৰিলে মিয়া খলিফাৰ ফটো

আজি পঞ্চভূতত বিলীন হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। পিছে তেনে সময়তে জুবিনৰ ফটো পৰ্ণষ্টাৰৰ সৈতে ভাইৰেল কৰাক লৈ শুৱালকুছিত সৃষ্টি হৈছে ব্য়াপক উত্তেজনাৰ। 

author-image
Asomiya Pratidin
New Update
new ap web 5 (7)

ডিজিটেল সংবাদ, শুৱালকুছিঃ আজি পঞ্চভূতত বিলীন হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। পিছে তেনে সময়তে জুবিনৰ ফটো পৰ্ণষ্টাৰৰ সৈতে ভাইৰেল কৰাক লৈ শুৱালকুছিত সৃষ্টি হৈছে ব্য়াপক উত্তেজনাৰ। 

শুৱালকুছিত ভাৰতীয়া হিচাপে থকা তামোলপুৰৰ এগৰাকী যুৱকে সামাজিক মাধ্যমত আপলোড কৰিছিল পৰ্ণষ্টাৰৰ সৈতে জুবিন গাৰ্গৰ এখন ফটো। তাৰপিছতে জুবিন অনুৰাগীয়ে যুৱকজনক বিচাৰি উলিয়াই উত্তম মাধ্যম শোধাই চমজাই দিয়ে আৰক্ষীক। এই ঘটনাৰ সৈতে জড়িত থকা যুৱক জনৰ নাম হৈছে কৈলাশ দাস।

বিকৃত মানসিকতাৰে এই যুৱকজনে সামাজি কমাধ্যমত মিয়া খলিফাৰ সৈতে ফটো ভাইৰেল কৰাত ক্ষুব্ধ হৈ পৰে জুবিন অনুৰাগী সকল। সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে শুৱালকুছি আৰক্ষীয়ে যুৱক জনক আটক কৰি সোধাপোছ আৰম্ভ কৰিছে। 

জুবিন গাৰ্গ জুবিন