জুবিন গাৰ্গৰ মৃত্যু মানি ল’ব পৰা নাই সুকণ্ঠী গায়িকা মহালক্ষ্মী আয়াৰে

‘জুবিন নাই এয়া সঁচা হ’বই নোৱাৰে ! মানি ল’ব নোৱাৰো। জুবিনে নতুন ষ্টুডিঅ’ চাবলৈ মোক মাতিছিল।‘ – সংগীত শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ খবৰ পাই এনেদৰে শোক ব্যক্ত কৰে বলিউদৰ যশস্বী কণ্ঠশিল্পী মহালক্ষ্মী আয়াৰে।

author-image
Asomiya Pratidin
New Update
372

ডিজিটেল ডেস্ক : ‘জুবিন নাই এয়া সঁচা হ’বই নোৱাৰে ! মানি ল’ব নোৱাৰো। জুবিনে নতুন ষ্টুডিঅ’ চাবলৈ মোক মাতিছিল।‘ – সংগীত শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ খবৰ পাই এনেদৰে শোক ব্যক্ত কৰে বলিউদৰ যশস্বী কণ্ঠশিল্পী মহালক্ষ্মী আয়াৰে।

উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ সংগীত পৰিচালনাত আৰু জুবিনৰ সৈতে বহু গীত গাইছে মহালক্ষ্মী আয়াৰে। তাৰোপৰি জুবিন গাৰ্গৰ গীত গাই বঁটাও লাভ কৰিছে তেওঁ। বিগত ২৫টা বছৰে জুবিন গাৰ্গৰ সৈতে মহালক্ষ্মী আয়াৰৰ আছে এক সু- সম্পৰ্ক। শেহতীয়াকৈ যতীন বৰাৰ ‘ৰাঘৱ’ বোলছবিৰ ‘চিলমিল টোপনি’ শীৰ্ষক গীতটিত জুবিন গাৰ্গৰ সৈতে মহালক্ষ্মীয়ে আয়াৰে কণ্ঠদান কৰিছিল।

আজিৰ এই দুঃসময়ত বহু স্মৃতিয়ে আমনি কৰিছে মহালক্ষ্মীক। তেওঁ যেন মানি ল’ব পৰা জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি। অতি দুখেৰে তেওঁ লিখিছে- জুবিন গাৰ্গৰ সৈতে গান ৰেকৰ্ডিং কৰাৰ কথা আছিল। মোৰ সুন্দৰ, সৰল হৃদয়ৰ বন্ধু জুবিন। ২৫ বছৰীয়া বন্ধুত্বত আমাৰ বহু স্মৃতি আছে।

জুবিন গাৰ্গ