পুৱাৰে পৰা চি আই ডি কাৰ্যালয়ত শাৰী পাতিছে শেখৰ, নিশিতা আৰু অমৃতপ্ৰভাই...

জুবিন গাৰ্গ মৃত্যু কাণ্ডৰ সৈতে নাম সাঙুৰ খোৱা বহুকেইজন লোক শনিবাৰে পুৱাই হাজিৰ হয় চি আই ডিৰ কাৰ্যালয়ত। যোৱা শুকুৰবাৰে চি আই ডিয়ে নটিচ প্ৰেৰণ কৰাৰ পাছতে শনিবাৰে

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গ মৃত্যু কাণ্ডৰ সৈতে নাম সাঙুৰ খোৱা বহুকেইজন লোক শনিবাৰে পুৱাই হাজিৰ হয় চি আই ডিৰ কাৰ্যালয়ত। যোৱা শুকুৰবাৰে চি আই ডিয়ে নটিচ প্ৰেৰণ কৰাৰ পাছতে শনিবাৰে নিৰ্ধাৰিত সময়তকৈ আগতেই উপস্থিত গয় শেখৰ গোস্বামী, নিশিতা গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত।

উল্লেখ কৰা প্ৰয়োজন যে, জুবিনৰ বাদ্যযন্ত্ৰী শিল্পী শেখৰ আৰু কন্ঠশিল্পী অমৃতপ্ৰভা মহন্ত উক্ত দিনটোত জুবিনৰ সৈতে ছিংগাপুৰৰ উক্ত য়াটখনত উপস্থিত আছিল। আনফালে নিশিতা গোস্বামীও সেই দিনটোত আছিল ছিংগাপুৰত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেলতে।

এই তিনিওগৰাকীক বৰ্তমানেও সোধ পোচ অব্যাহত ৰাখিছে চি আই ডিয়ে। আনফালে এতিয়ালৈকে কোনো শুংসূত্ৰ নাই শ্যামকানু আৰু সিদ্ধাৰ্থৰ। গোপন স্থানৰ পৰা ভিডিঅ বাৰ্তাৰ লগতে সামাজিক মাধ্যমত চিঠি লিখি চাফাই গাই আছে দুয়োগৰাকী অভিযুক্তই।

চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হৈয়ে নিশিতা গোস্বামীয়ে কয় যে, মোৰ বহুত কথা ক'ব লগা আছে মই সকলো কম। জুবিনৰ মৃত্যুৰ বাবে সিদ্ধাৰ্থ আৰু শ্যমকানু দায়ী বুলিও কয় নিশিতাই। তেওঁ কয় যে, শ্যামকানু মহন্তই জুবিন দাক নিব নালাগিছিল আৰু সিদ্ধাৰ্থই জুবিন দাক ভালদৰে যতন ল'ব লাগিছিল।

জুবিন গাৰ্গ