/asomiyapratidin/media/media_files/2025/10/13/ujjjdd-2025-10-13-19-55-08.jpg)
ডিজিটেল ডেস্কঃ জুবিনৰ টকাৰে সম্পত্তিৰ ৰজা হোৱা মেনেজাৰ সিদ্ধাৰ্থৰ বেয়া দিন আৰম্ভ হৈছে। সোমবাৰে এছ আই টিয়ে সিদ্ধাৰ্থ মালিকানাধীন বটলিং কোম্পানীত ৫ঘন্টাৰ অভিযানৰ অন্তত ছীল কৰে। উল্লেখ কৰা প্ৰয়োজন যে, প্ৰায় ১বছৰৰ পূৰ্বে সিদ্ধাৰ্থ আৰু আন এজন সংগীয়ে এই কোম্পানীটো আৰম্ভ কৰিছিল।
কেইবা কোটি টকীয়া এই প্ৰকল্পটোৰ বাবে সিদ্ধাৰ্থ ক'ত টকা পাইছিল তাক লৈ সোধ-পোছ অব্যাহত ৰাখিছে এছ আই টিয়ে। ছয়গাওঁস্থিত মহাবীৰ একুৱা নামৰ এই বটলিং কোম্পানীটোৰ বাবে কোটি টকাৰ বিনিময়ত এটা অট্টালিকাও ক্ৰয় কৰিছিল সিদ্ধাৰ্থে। পূৰ্বে এই ছয়গাঁৱৰ এই অট্টালিকাটোত অন্য এক ব্যৱসায়িক প্ৰতিষ্ঠান আছিল বুলি সদৰি কৰিছে স্থানীয় ৰাইজে।
ইফালে জনৈক খৈতান উপাধিৰ সিদ্ধাৰ্থৰ ব্যৱসায়িক বন্ধু গৰাকীকো এছ আই টিয়ে সোধ-পোছৰ বাবে তলব কৰাৰ সম্ভৱনা আছে। প্ৰণিধানযোগ্য যে, সিদ্ধাৰ্থে মহানগৰীত বহুকেইটা জিমৰ লগতে হোটেলো ক্ৰয় কৰাৰ প্ৰমাণো লাভ কৰিছে এছ আই টিয়ে। পৰ্যায়ক্ৰমে এই সকলোবোৰক এছ আই টিয়ে তদন্তৰ আওতালৈ আনিব।