বি টি চি নিৰ্বাচনত ফেক্টৰ জুবিন...

প্ৰাণৰ শিল্পী জুবিন নোহোৱা হ'ল। জুবিনক শেষ বিদায় দিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গুৱাাহাটীলৈ দৌৰি আহিছে লাখ লাখ অনুৰাগী। প্ৰিয় শিল্পীজনক শেষবাৰৰ বাবে চোৱাৰ হেপাঁহেৰে গুৱাহাটীৰ সৰুসজাই ইতিমধ্যে ভিৰ কৰিছে

author-image
Asomiya Pratidin
New Update
ujjjjd

ডিজিটেল ডেস্কঃ প্ৰাণৰ শিল্পী জুবিন নোহোৱা হ'ল। জুবিনক শেষ বিদায় দিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গুৱাাহাটীলৈ দৌৰি আহিছে লাখ লাখ অনুৰাগী। প্ৰিয় শিল্পীজনক শেষবাৰৰ বাবে চোৱাৰ হেপাঁহেৰে গুৱাহাটীৰ সৰুসজাইত ইতিমধ্যে ভিৰ কৰিছে অসংখ্য লোকে। জুবিনৰ এই মহাপ্ৰয়াণৰ লগে লগে ম্লান পৰিল বি টি চি নিৰ্বাচনৰ বতাঁহ। বিজেপিৰ পৰা আদি কৰি সকলো ৰাজনৈতিক দলে বি টি চিত জুবিন নোহোৱা হোৱাৰ খবৰ পোৱাৰ লগে লগে আধাতে সামৰিব লগা হৈছিল প্ৰচাৰ অভিযান।

বি টি চিত প্ৰথম পৰ্যায়ত যেনেদৰে নিৰ্বাচনৰ গৰম বতাহ বলিছিল, এতিয়া তেনে পৰিৱেশ নাই। বি টি চিৰ বহু যুৱ প্ৰজন্মৰ ভোটাৰ এতিয়া গুৱাহাটীমুৱা হৈছে। গোৰেশ্বৰ, ওদালগুৰি, কোকৰাঝাৰ, বাক্সাকে ধৰি প্ৰায়কেইখন জিলাৰ পৰা সহস্ৰাধিক লোকে বাইকৰ উপৰিও গাড়ী ভাড়া কৰি আহিছে গুৱাহাটীলৈ।

শেহতীয়া পৰিস্থিতিলৈ চাই জুবিনক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি পৰ্ব যে যথেষ্ট পলম হ'ব সেয়া নিশ্চিত হৈছে। গতিকে শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা লোকসকলে হয়তো ওৰে নিশা কটাব লাগিব গুৱাহাটীতে। তেনে স্থলত ২২ছেপ্টেম্বৰৰ ভোটগ্ৰহণত এই লোকসকল অংশ গ্ৰহণ কৰাৰ সম্ভাৱনা ক্ষীণ বুলি কলেও হয়তো ভুল কোৱা নহ'ব।

তেনেস্থলত এইবাৰ বি টি চি নিৰ্বাচনত ভোটদানৰ হাৰ বহুতে ভৱাতকৈ যথেষ্ট হ্ৰাস পাব পাৰে। ইফালে প্ৰচাৰ অভিযান সামৰাৰ পাছতে বি টি চিত হাগ্ৰামা আৰু প্ৰমোদ বড়োৱে ঠায়ে ঠায়ে আয়োজন কৰিছে জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। উল্লেখ্য যে, ২২ছেপ্টেম্বৰৰ পুৱা ৭বজাৰ পৰা ৫বজালৈকে অনুষ্ঠিত হব বিটিচিৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। 

জুবিন গাৰ্গ