জুবিন মৃত্যুকাণ্ডঃ ন্যায় বিচাৰি আয়োগক শপতনামা দাখিল জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ

জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ৰহস্য ফাদিল তথা তদন্ত প্ৰক্ৰিয়া  শুদ্ধ আৰু ত্বৰান্বিত কৰিবলৈ গঠন কৰা সৌমিত্ৰ শইকীয়া এজনীয়া বিচাৰপীঠৰ ন্যায়িক আয়োগত শপতনামা দাখিল।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাই অতিক্ৰম কৰিলে দুমাহ। কিন্তু  এতিয়াও লাভ কৰা নাই ন্যায়। জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ৰহস্য ফাদিল তথা তদন্ত প্ৰক্ৰিয়া শুদ্ধ আৰু ত্বৰান্বিত কৰিবলৈ গঠন কৰা সৌমিত্ৰ শইকীয়া এজনীয়া বিচাৰপীঠৰ ন্যায়িক আয়োগত শপতনামা দাখিল কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে।

সংগঠনটোৰ হৈ শপতনামা দাখিল কৰে সহকাৰী সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়ায়ে। খাদী গ্ৰামোদ্যোগ ব'ৰ্ডৰ কাৰ্যালয়ত থকা ন্যায়িক আয়োগৰ কাৰ্যালয়ত শপতনামা দাখিল কৰে। উল্লেখ্য যে, ডিজিটেল মাধ্যমত ন্যায়ৰ আন্দোলন চলি থকাৰ সমান্তৰালকৈ ন্যায়িক আয়োগত সচেতন ৰাইজে সাক্ষ্য দান কৰা উচিত।

প্ৰতিগৰাকী লোকে প্ৰকৃততে ১৯ চেপ্তেম্বৰত জুবিন গাৰ্গৰ লগত কি ঘটিছিল তাক জনাৰ অধিকাৰ আছে। জুবিন গাৰ্গৰ আয়ৰ ধনেৰে শ্যামকানু অথবা সিদ্ধাৰ্থ শৰ্মা নীতি বৰ্হিভূত সম্পত্তিৰ গৰাকী হ'ল নেকি? এনেধৰণৰ বহু প্ৰশ্নৰ উত্থাপন হৈছে। 

তাৰোপৰি ছিংগাপুৰৰ প্ৰতিটো মূহুৰ্তৰ ঘটনাৰ স্থানীয় সাক্ষী প্ৰমাণসমূহ তদন্তৰ আওঁতালৈ আহিবনে? দুখন ৰাষ্ট্ৰৰ মাজত ঘটিত এই ৰহস্যজনক ঘটনাৰ তদন্ত প্ৰক্ৰিয়াত ছিংগাপুৰ উচ্চায়ুক্তক কিদৰে সাঙোৰ খোৱা হৈছে ! ইত্যাদি বিষয়ৰ ওপৰত শপতনামা দাখিল কৰে । 

আনফালে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় শপতনামাত উল্লেখ আছে বুলি জানিবলৈ দিছে। আজিলৈকে সৰ্বমুঠ ২৬জনে শপতনামা যোগে সাক্ষ্য দান কৰিছে বুলিও আয়োগে জানিবলৈ দিছে।

প্ৰাণিধানযোগ্য যে, আজি শপতনামা দাখিল কৰা মূহুৰ্তত পৰিষদৰ হৈ সহকাৰী সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি কলিতা , সাংগঠনিক সম্পাদক ইনামূল হক আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যা ৰীণা কলিতাৰ লগতে আইনী সহায়ক অধিবক্তা গীত কাশ্যপ উপস্থিত থাকে।

অসম